মিছন বসুন্ধৰা ২.০ৰ পৰা বঞ্চিত হৈ ৰ’ল হাজাৰ হাজাৰ জনজাতীয় লোক

অনাদি কালৰে পৰা অসমত বাস কৰি অহা থলগিৰি জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদান কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা ‘মিছন বসুন্ধৰা ২.০’ৰ সফল নোহোৱা বুলি অভিযোগ কৰিছে সদৌ অসম ট্ৰাইবেল সংঘই। 

দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি সুকুমাৰ বসুমতাৰী আৰু সম্পাদক প্রধান আদিত্য খাখলাৰীয়ে কয় যে মিছন বসুন্ধৰা ২.০ৰ সুবিধাৰ পৰা ৰাজ্যখনৰ বহুসংখ্যক জনজাতীয় লোক বঞ্চিত হৈ আছে। 

ট্ৰাইবেল সংঘৰ এই দুই নেতৃত্বই জনোৱা মতে আঁচনিখনত নিৰ্ধাৰণ কৰি দিয়া চৰ্ত পূৰণ কৰিব নোৱাৰি ভূমি পট্টাৰ বাবে আবেদনেই কৰিব নোৱাৰিলে জনজাতীয় বহু লোকে। 

কিন্তু কি কাৰণত এই সমস্যাৰ উদ্ভৱ হ’ল সেই কাৰণ ব্যাখ্যা কৰি সংঘৰ নেতাদ্বয়ে কয় যে জনজাতি অধ্যুষিত বহু অঞ্চলত এতিয়াও কেডেষ্টেল জৰীপ হোৱা নাই। কেডেষ্টৰেল জৰীপ নোহোৱাৰ ফলত বহু অঞ্চলত ভূমিৰ মেপ তৈয়াৰ হোৱা নাই আৰু মেপ তৈয়াৰ নোহোৱাৰ ফলত অধিকসংখ্যক জনজাতীয় লোকে মিছন বসুন্ধৰা ২.০ত আবেদন কৰিব নোৱাৰিলে। সেয়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত জনজাতি অধ্যুষিত অঞ্চলসমূহত কেডেষ্ট্ৰেল জৰীপ কৰি ভূমিৰ অধিকাৰ প্রদান কৰিবৰ বাবে মিছন বসুন্ধৰা ৩.০ আৰম্ভ কৰিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰে। 

মিছন বসুন্ধৰাৰ সমস্যাকে ধৰি আন কেইবাটাও সমস্যাৰ কথা উল্লেখ কৰি সংঘৰ নেতাদ্বয়ে অসম-মেঘালয়, অসম-অৰুণাচল, অসম-নগালেণ্ড আৰু অসম-ত্ৰিপুৰাৰ সীমা সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়৷ 

চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আন্তঃৰাজ্যিক সীমা সমস্যা প্রায় নিৰাময় হোৱা বুলি মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰি আহিছে যদিও সংবাদমেলত সংঘৰ নেতাদ্বয়ে কয় যে কাৰ্বি আংলং জিলাৰ জিৰিকিন্দিং অঞ্চলত মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে অসমৰ চাৰিসীমাৰ ভিতৰত ১০ কিল’মিটাৰ পৰ্যন্ত সোমাই আহি বলপূৰ্বকভাৱে ভূমি বেদখলত ৰাখিছে। সেয়ে শীঘ্ৰেই আন্তঃৰাজ্যিক সীমান্ত অঞ্চলত খিলঞ্জীয়াৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ সংগঠনটোৱে ৰাজ্য চৰকাৰক দাবী জনায়৷ 

ইফালে অৰুণাচল প্রদেশৰ সীমামূৰীয়া ঠাইত অতীজৰ পৰা বসবাস কৰি অহা চিংফৌ, তাংচা, চেমা, সোণোৱাল কছাৰী, মিচিং, দেউৰী আদি জনজাতীয় লোকসকলে অনিশ্চয়তাত দিন অতিবাহিত কৰি অহাৰ কথা উল্লেখ কৰি কয় যে কয়লাৰ অবাধ মুক্ত খননে এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ জীৱনলৈ অমানিশ৷ কঢ়িয়াই আনিছে। সেয়ে ভৱিষ্যৎ সূৰক্ষাৰ স্বাৰ্থত মাৰ্ঘেোৰটাৰ টিৰাপ অঞ্চলত বসবাস ক’ৰ অহা চিংফৌ, তাংচা, চেমা,সোণোৱাল কছাৰী, মিচিং, দেউৰীসকলক স্বায়ত্তশাসন প্রদান কৰিবলৈ দাবী জনায়৷ 

ভাৰতীয় সংবিধান আৰু ৰাজ্য চৰকাৰে প্রদান কৰি অহা অধিকাৰসমূহৰ পৰা অসমৰ জনজাতিসকল একাদিক্ৰমে বঞ্চিত হৈ অহাৰ অভিযোগ তুলি লগতে কয় যে অসম ভূমি আৰু ৰাজহ আইন-১৮৮৬ৰ দশম অধ্যায় যথাযথভাৱে কাৰ্যকৰী নোহোৱাৰ ফলত ট্ৰাইবেল বেল্টসমূহ এতিয়াও অসুৰক্ষিত। ইয়াৰ সুযোগ গ্ৰহণ কৰি ছুপাৰলাইট এ এ চি ব্লকছ ইণ্ডাষ্ট্ৰী, পূৰ্বাঞ্চল চিমেণ্ট কোম্পানীয়ে ট্রাইবেল বেল্টৰ শতাধিক বিঘা ভূমি অবৈধভাৱে অধিগ্ৰহণ কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে ট্ৰাইভেল সংঘৰ দুই নেতৃত্বই।