পাহাৰীয়া ডিমা হাছাওত যোৱা প্রায় এবছৰৰ পৰা জিলাৰ আটাইবোৰ কাঠ ফলা মিল বন্ধ হৈ আছে। পার্বত্য জিলাৰ সেউজ পৰিবেশ ৰক্ষার্থেই স্বায়ত্ব শাসিত পৰিষদৰ এই সিদ্ধান্ত আছিল।
গছ কটা তথা সৰবৰাহ কাৰ্য বন্ধ হোৱাৰ পাছত এইবাৰ বন মাফিয়াসকলৰ নজৰ পৰিছে পানীমুৰ জলপ্ৰপাতৰ গাত লাগি থকা শিলৰ পাহাৰৰ ওপৰত।
পার্বত্য জিলাৰ অন্যতম পর্যটনস্থলী পানীমুৰ জলপ্রপাতৰ আশে-পাশে থকা এলেকাৰ পাহাৰকাটি শিল উলিয়াই নিয়াৰ কামত ইতিমধ্যে একাংশ ধুৰন্ধৰ ব্যক্তি জড়িত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে।
অকল এয়াই নহয়, পাহাৰ কাটি পাথৰ উলিয়াই নিয়াৰ কাৰণে ক্রেছাৰ মেচিন স্থাপনৰ যো-জা আৰম্ভ হৈছে। অবশ্যে এই বিষয়টো স্থানীয় ৰাইজৰ দৃষ্টি গোচৰ হোৱাৰ লগে লগে ৰাইজৰ ফালৰ পৰা বাধা দিয়া হয়।
হাফলঙৰ কংগ্রেছ পৰিষদ সদস্য ড্যানিয়েল লাংথাছা আৰু গৰমপানীৰ কংগ্রেছ পৰিষদ সদস্য জয়সিং দ্রুঙৰ নেতৃত্বত ডিমা হাছাও জিলা কংগ্রেছ কমিটিৰ এটা প্ৰতিনিধি দলে পানীমুৰ এলেকা পৰিদর্শন কৰি বন বিভাগৰ উদাসীনতাক লৈ ক্ষোভ ব্যক্ত কৰে।
তেওঁলোকৰ অভিযোগ হ’ল যে কোনো অৱস্থাতেই পানীমুৰৰ ঐতিহ্য বিনষ্ট হ’বলৈ দিয়া নহ’ব। প্রয়োজনত কংগ্রেছ দলে বৃহত্তৰ আন্দোলন গঢ়ি তুলিব।
কংগ্রেছ দলৰ অভিযোগ যে পানীমুৰত ক্ৰেছাৰ স্থাপনৰ কাৰণে আনুসঙ্গিক কাম কাজ শেষ হৈছে। এতিয়া মাথোঁ মেচিন বহুৱা’ৰ কাম বাকী।
পার্বত্য ডিমা হাছাও বন বিভাগৰ পশ্চিম ডিভিজনৰ ডিএফ’অ তুহিন লাংথাছাই কয় ‘পানীমুৰৰ ঐতিহ্যকলৈ বন বিভাগে কোনো ধৰণৰ আপোচ নকৰে। আনহাতে, এই মুহূর্তত গৰমপানীৰ পৰা দিয়ুংমুখ এলেকাত এটিও ক্ৰেছাৰ নাই। লঙ্কা-গৰমপানী পথ নির্মাণৰ কাৰণে অধিক পৰিমাণৰ শিলগুটিৰ প্ৰয়োজন হ’ব। যাৰ বাবে ক্ৰেছাৰ স্থাপনৰ প্রস্তাৱ আছে। কিন্তু পানীমুৰ এলেকাত নহয়। তেওঁ জানিবলৈ দিয়ে যে এই এলেকাত পাথৰ খনন কার্যত জড়িতসকলৰ বিৰুদ্ধে ব্যবস্থা লোৱা হ’ব।’
উল্লেখনীয় যে পার্বত্য জিলাৰ শিল্প নগৰী বুলি খ্যাত উমৰাংচুৰ পৰা ৩২ কিলোমিটাৰ নিলগত অৱস্থিত এই ঐতিহ্যবাহী পানীমুৰ। ধর্মীয় দৃষ্টিকোণৰ পৰা পানীমুৰ এখন পবিত্র ভূমি।
ডিমাছা সম্প্রদায়ৰ লোকে প্রতি বছৰৰ মাঘ মাহৰ পূর্ণিমা তিথিত ইয়াত তর্পণ কৰে। লোকশ্রুতি অনুসৰি ইয়াত গা ধুলে পূণ্য প্ৰাপ্তি হয়। লগতে আছে আছে এক দৃষ্টি নন্দন জলপ্রপাত।
গোটেই বছৰ ধৰি দেশী-বিদেশী পর্যটক সকল পানীমুৰত ভিৰ কৰি থাকে। পর্যটক সকলে পানীমুৰৰ এই জলপ্রপাতক ‘ ইণ্ডিয়ান নায়েগ্রা নামে আখ্যায়িত কৰিছে।
বলীউডৰ অভিনেতা ছাহিদ কাপুৰ আৰু কঙ্গনা ৰানাৱাট অভিনীত বোলছবি ৰেঙ্গুনৰ উপৰি জুবিন গার্গৰ মিছন চাইনাৰ দৃশ্য গ্রহণ ইয়াতেই হৈছিল।