বিদেশী ন্যায়াধিকৰণৰ জাননীত ক্ষুব্ধ তিনি সেনা জোৱান ভাতৃ

nrc-data

বৰপেটা বিদেশী ন্যায়াধীকৰণ আদালত। ফাইল ফটো

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত সৰুহৰিদ গাঁৱৰ বাসিন্দা প্ৰয়াত আব্দুল হামেদৰ তিনিজন পুত্ৰই ভাৰতীয় সেনা জোৱান হোৱাৰ পাছতো পৰিয়ালটোৰ সদস্যসকলৰ নামত বিদেশী ন্যায়াধিকৰণৰ গোচৰৰ জাননী প্ৰেৰণ কৰাত ক্ষুব্ধ হৈ পৰিছে পৰিয়ালটো। বিষয়টোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

জানিব পৰা মতে, ভাৰতীয় সেনা জোৱান হিচাপে কৰ্মৰত পৰিয়ালটোৰ তিনিজন ভাতৃ ক্ৰমে ছহিদুল ইছলাম, দেলবৰ হুছেইন আৰু মিজানুৰ ৰহমানৰ লগতে ডাঙৰ ভাতৃ ৰুস্তম আলী, মাতৃ খোদেজা বেগম আৰু প্ৰয়াত পিতৃ আব্দুল হামেদৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণে বিগত বৰ্ষৰ ২৪ অক্টোবৰত বিদেশী ন্যায়াধিকৰণৰ গোচৰৰ জাননী প্ৰেৰণ কৰিছিল।

আনহাতে,পৰিয়ালটোৰ মুৰব্বী আব্দুল হামেদৰ নামত ১৯৫১ চনৰ এন আৰ চি, ১৯৬৬, ১৯৭০ আৰু ১৯৭১ চনৰ ভোটাৰ তালিকাৰ উপৰি ১৯৫৪ চনৰ মাটি-বাৰীৰ প্ৰমাণ-পত্ৰৰ লগতে আন যাৱতীয় নথি-পত্ৰ মজুত আছে।

ইয়াৰ পাছতো কোনো তদন্ত নকৰাকৈ পৰিয়ালটোৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত সৰভোগ সীমান্ত শাখাৰ এছ আই (বি) শিৱ ৰাম কোঁৱৰে একপক্ষীয়ভাৱে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাৰ কলকাতাৰ কাচৰাপাৰা ৰেজিমেণ্টৰ উচ্চপদস্থ বিষয়াইয়ো মুখ্য মন্ত্ৰী, গৃহ মন্ত্ৰী, আৰক্ষী সঞ্চালক, বৰপেটাৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আদিলৈ গোচৰটো নিষ্পত্তি কৰি ভাৰতীয় নাগৰিক সেনা জোৱানকেইজনক দেশ সেৱাৰ সুযোগ দিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল।

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাংগা গাঁৱত স্থায়ীভাৱে বসবাস কৰি থকা পৰিয়ালটোৱে ২০০৩ চনত বেঁকী নদীৰ বিধ্বংসী খহনীয়াৰ ফলত সৰুহৰিদ গাঁৱলৈ স্থানান্তৰিত হৈছিল। ইপিনে, বিদেশী ন্যায়াধীকৰণত গোচৰ তৰা এছ আই (বি) শিৱ ৰাম কোঁৱৰে কোনো ধৰণৰ চৰজমিন তদন্ত অবিহনে কেৱল সৰুহৰিদ গাঁৱৰ গাঁওবুঢ়া ধনেশ্বৰ দাস আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক উদিত দাসৰ আনুমানিক সাক্ষ্যৰ ওপৰত ভিত্তি কৰি পৰিয়ালটোৰ সদস্যসকলৰ নামত বিদেশী ন্যায়াধিকৰণৰ গোচৰ ৰুজু কৰা বুলি পৰিয়ালটোৱে অভিযোগ তুলিছে।

আদালতলৈ বুলি তাঁত বাতি কাঢ়িবলগীয়া হোৱা ভাৰতীয় সেনা জোৱান ভাতৃত্ৰয় এইক্ষেত্ৰত ক্ষুব্ধ হৈ পৰিছে। দেশৰ সেৱাত জীৱন উৎসৰ্গিত সেনা জোৱানৰে য’ত এনে অৱস্থা তাত সাধাৰণ নাগৰিকে কিমান মানসিক নিৰ্যাতন ভূগিবলগীয়া হ’ব পাৰে সেয়া সহজেই অনুমেয়।

ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে শীঘ্ৰে গোচৰটো নিষ্পত্তি কৰি প্ৰকৃত ভাৰতীয় নাগৰিক সেনা জোৱানকেইজনক দেশ সেৱাৰ সুযোগ দিবলৈ প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে।