পোখৰাণত অনুশীলনৰ সময়ত মৰ্টাৰ ফাটি আহত ৩ সেনা জোৱান, কাশ্মীৰত বাছ খাৱৈত পৰি শ্বহীদ ৩ জন

বি এছ এফৰ অনুশীলনৰ সময়ত মৰ্টাৰ ফাটি সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। খবৰ অনুসৰি ৰাজস্থানৰ জয়ছালমেৰৰ পোখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জত এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৩ জন বি এছ এফৰ জোৱান আহত হয়। গুৰুতৰভাৱে আহত ৩ জন জোৱানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে, জম্মু-কাশ্মীৰৰ বুডগামত সেনাবাহিনীৰ বাছ এখন খাৱৈত পৰি মৃত্যু হয় ৩ জন বি এছ এফৰ জোৱানৰ। আহত হয় আৰু ৬ জন জোৱান।

বি এছ এফৰ সূত্ৰ অনুসৰি শুকুৰবাৰে পুৱাৰে পৰা পোখৰাণ ফিল্ড ফায়াৰিং ৰেঞ্জত চলি আছিল বি এছ এফৰ নিয়মীয়া অনুশীলন। দুপৰীয়া হঠাৎ তাত ৫১ মি:মি:ৰ এটা মৰ্টাৰ বিস্ফোৰণ ঘটিল। যাৰ ফলত ৩ জনকৈ জোৱান আহত হয়। আহত জোৱানকেইজনক প্ৰথমে পোখৰাণ হাস্পতালত ভৰ্তি কৰোৱা হয়। পিছত তেওঁলোকৰ ভিতৰত দুজন জোৱানক যোধপুৰ চিকিৎসালয়লৈ লৈ যোৱা হয় কাৰণ তেওঁলোকৰ অৱস্থা সংকটজনক। মৰ্টাৰটো কেনেকৈ বিস্ফোৰণ হ’ল সেই লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। এই ঘটনাৰ আঁৰত কিবা গাফিলতি আছে নেকি তাৰ তদন্ত আৰম্ভ কৰা হৈছে।

আনহাতে, জম্মু-কাশ্মীৰত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাত ৩ জন বি এছ এফৰ জোৱানৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও আন ৬ জন লোক আহত হয়।

জানিব পৰা মতে, দ্বিতীয় পর্যায়ৰ নির্বাচন উপলক্ষে জম্মু-কাশ্মীৰৰ নির্বাচনী কেন্দ্রলৈ গৈ আছিল সেনাবাহিনীৰ বাছখন৷ ৫২ খন আসন থকা এই বাছখনত ৩৫ জন জোৱানে যাত্ৰা কৰিছিল। বাটত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৪০ ফুট খাৱৈত বাগৰি পৰে বাছখন। এই খবৰ পোৱাৰ লগে লগে সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰে।

শেহতীয়া খবৰ অনুসৰি এই দুৰ্ঘটনাত ৩ জন জোৱানৰ মৃত্যু হয়। ইয়াৰ উপৰিও আন ৬ জন লোক আহত হয়। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক।