NORTHEAST NOW (Assamese)

আলফা(স্বা)-ৰ নামত ধন দাবী কৰি শিৱসাগৰত গ্ৰেপ্তাৰ তিনি ব্যক্তি

March 14, 2025 4:23 pm · এন ই নাও নিউজ, গুৱাহাটী

আলফা(স্বা)ৰ নামত ধন দাবী কৰাৰ অভিযোগত বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন ব্যক্তিক।

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে দীপ হাজৰিকা (৪১), চেলিম উল্লাহ (২৮) আৰু জামাল আলী (৪৮)

এই তিনি অভিযুক্তই শিৱসাগৰৰ জিএনজি ৰোডত বাস কৰা এহাল বৃদ্ধ দম্পতীৰ পৰা ধন দাবী কৰা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি যোৱা ৫ মাৰ্চত ফোনযোগে ত্ৰিপুৰাৰ পৰা তেওঁলোকে ফোন কৰি ধন দাবী কৰে।

বৃদ্ধ দম্পতীহালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিৱসাগৰ সদৰ থানাত ৩৯/২০২৫ নং গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, দীপ হাজৰিকা বাবুপট্টিৰ বাসিন্দা, আনহাতে চেলিম উল্লাহ আৰু জামাল আলী কৈৱৰ্ত দলনিৰ বাসিন্দা।

Related News