মহিলাৰ সৈতে ঘনিষ্ঠতা, হানী ট্ৰেপিং চক্ৰৰ কবলত পৰিয়েই আত্মহত্যা কৰ্ণাটকৰ লিঙ্গায়ত ধৰ্মগুৰুৰ!

Lingayat monk Basavlinga Swami suicide case কৰ্ণাটকৰ এটা মঠত এজন লিঙ্গায়ত সন্ন্যাসীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। ধৰ্মগুৰুজনক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উঠিছিল। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা গৈছে যে অভিযুক্ত মহিলাগৰাকীয়ে ধৰ্মীয় নেতাজনক হানী ট্ৰেপিঙত পেলোৱাৰ চেষ্টা কৰিছিল।

তদন্তকাৰী বিষয়াসকলে ধাৰণা কৰিছে যে মহিলাগৰাকীৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ফাদিল কৰিব বুলি ধৰ্মগুৰুজনক ব্লেকমেইল কৰা হৈছিল। ফলস্বৰূপে তেওঁ আত্মহত্যা কৰে।

লগতে পঢ়ক: ট্ৰেজেদিত পৰিণত হ’ল হেলোইন উৎসৱ; পদপিষ্ট হৈ নিহতৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি

মঠটো ৰামনগৰ জিলাৰ কাঞ্চুগল বন্দেমঠ অঞ্চলত অৱস্থিত। বাসৱলিঙ্গ স্বামীজী নামৰ ধৰ্মীয় নেতাজনৰ মৃতদেহ তেওঁৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে জনাইছিল যে ধৰ্মগুৰুজনে আত্মহত্যা কৰিছিল। বাসৱলিঙ্গ স্বামীজীৰ ঘৰৰ পৰা দুই পৃষ্ঠাৰ এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছিল।

প্ৰয়াত স্বামীজী যোৱা ২৫ বছৰ ধৰি ৰামনগৰৰ মঠৰ প্ৰধান সন্ন্যাসী আছিল। উদ্ধাৰ হোৱা চুইচাইড নোটত প্ৰয়াত ধৰ্মগুৰুজনে অভিযোগ কৰিছিল যে মঠৰ কেইবাজনো সহকৰ্মীয়ে তেওঁক পদৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল।

লগতে পঢ়ক: বিৰল ৰোগত আক্ৰান্ত অভিনেত্ৰী সামান্থা; ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে যন্ত্ৰণাৰ কথা

আৰক্ষীয়ে ধৰ্মগুৰুজনৰ চুইচাইড নোটৰ সন্দৰ্ভত মহিলাগৰাকীকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰীসকলৰ মতে যেতিয়া বাসৱলিংগ মহিলাগৰাকীৰ ঘনিষ্ঠ হৈ পৰিছিল কোনোবাই গোটেই দৃশ্যটো মোবাইল ফোনৰ কেমেৰাত বন্দী কৰিছিল। তেওঁ এনে অৱস্থাত আত্মহত্যা কৰিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে।

উল্লেখ্য যে প্ৰায় চাৰে তিনি বছৰ ধৰি ১৫ আৰু ১৬ বছৰ বয়সৰ দুগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ আছিল লিংগায়ত ধৰ্মগুৰু শিৱমূৰ্তিৰ বিৰুদ্ধে । প্ৰথমতে তেওঁক আটক কৰি মুকলি কৰি দিয়াৰ পিছত মাইচুৰু চহৰত প্ৰতিবাদ উত্তাল হৈ পৰিছিল। অৱশেষত ছেপ্টেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পকচো আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক: কাৰ্বি আংলঙত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰৰ বাহনৰ পৰা উদ্ধাৰ ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ: দুজনক গ্ৰেপ্তাৰ

মাইচুৰু আৰক্ষীয়ে দাখিল কৰা অভিযোগ অনুসৰি ভুক্তভোগী দুগৰাকী মুৰুঘা মঠৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ত অধ্যয়ন কৰি আছিল। ১৫ আৰু ১৬ বছৰ বয়সৰ কিশোৰী দুগৰাকীক শিৱমূৰ্তিয়ে প্ৰায় চাৰে তিনি বছৰ ধৰি যৌন নিৰ্যাতন চলাইছিল। পিছত নিৰ্যাতিতাই এটা বেচৰকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰে আৰু সমস্ত ঘটনা সদৰী কৰে। তাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয়।