সীমান্ত অতিক্ৰমি ভাৰতীয় নাগৰিকক আটক কৰিব আহি ভাৰতত আটক হ’ল তিনিগৰাকী বাংলাদেশী সেনা জোৱান

Bangladeshi-soldiers-nabbed-in-India-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতৰ ভূমিত প্ৰবেশ কৰি আটক হ’বলগীয়া হয় তিনিগৰাকী বাংলাদেশী সেনা আৰু দুগৰাকী নাগৰিককে ধৰি মুঠ পাঁচ গৰাকী বাংলাদেশী নাগৰিক।

বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ৰেপিড একশ্যন বেটেলিয়ন (আৰ এ বি)ৰ তিনিগৰাকী জোৱান আৰু দুগৰাকী মহিলাক ভাৰত ভূমিত প্ৰবেশ কৰাত ত্ৰিপুৰাৰ চিপাহীজালা জিলাৰ ৰহিমপুৰ গাঁৱৰ বাসিন্দাসকলে আটক কৰি বি এছ এফৰ হাতত গটাই দিয়ে।

শুকুৰবাৰে বি এছ এফৰ তৰফৰ পৰা প্ৰেছ বিবৃতি যোগে এই কথা প্ৰকাশ কৰা হয়।

‘‘আমি পাঁচগৰাকী বাংলাদেশী লোকক জিম্মাত লৈছো আৰু তদন্তত ইয়াৰে ভিতৰত তিনিগৰাকী ১১ আৰ এ বি ইন্টেলিজেঞ্চ ব্ৰাঞ্চৰ জোৱান বুলি জানিব পৰা গৈছে,’’ বি এছ এফে বিবৃতিটোত প্ৰকাশ কৰে।

আবু খাইৰ নামৰ এগৰাকী ভাৰতীয় ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ বাবে তেওঁলোকে ভাৰত ভূমিত প্ৰবেশ কৰা বুলি বি এছ এফে স্পষ্ট কৰে।

বৃহস্পতিবাৰে সন্ধিয়া পাঁচগৰাকী বাংলাদেশী নাগৰিকে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ আহি আবু খাইৰক গ্ৰেপ্তাৰ কৰাৰ বাবে খাইৰৰ ঘৰত  উপস্থিত হয়।

যেতিয়া তেওঁলোকে খাইৰক হাতকেৰেয়া লগাই খাইৰৰ পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰে আৰু চিঞৰ বাখৰ শুনি গাঁৱৰ লোকসকল আহি বাংলাদেশী নাগৰিক কেইগৰাকীক আটক কৰি বি এছ এফৰ হাতত চমজাই দিয়ে।

বাংলাদেশী নাগৰিক কেইগৰাকীৰ পৰা ৭ ৰাউণ্ড গুলী, দুডাল হাতকেৰেয়া, দুখন বাংলাদেশী পৰিচয় পত্ৰ, সাতটা মোবাইল ফোন আৰু ডেৰ লাখ বাংলাদেশী টাকা উদ্ধাৰ কৰা হয় বুলিও প্ৰেছ বিবৃতিটোত বি এছ এফৰ তৰফৰ পৰা সদৰি কৰে।

আনহাতে, পৰৱৰ্তী সময়ত বাংলাদেশ বোৰ্ডাৰ গাৰ্ড(বি জি বি)ৰ সৈতে বি এছ এফৰ ফ্লেগ মিটিঙৰ অন্তত আটাইকেইগৰাকী বাংলাদেশী নাগৰিককে বি জি বিৰ হাতত গটাই দিয়া হয়।

ফ্লেগ মিটিঙত অনুমতি বিহীনভাৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰা সন্দৰ্ভত বি এছ এফৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হয়।