সীমান্ত শেখৰৰ সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰিল ৫৪তম লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ

লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৫৪তম লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ শুকুৰবাৰে নিশা সামৰণি পৰে। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰথমদিনাৰ অনুষ্ঠানত মুকলি বিহু পৰিৱেশন হোৱাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ ১০০গৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি বিয়লি বিহুগীত, বিহুনৃত্য আৰু ঢোলবাদন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

দ্বিতীয় দিনা পুৱা চিত্ৰাংকণ, ৰচনা প্ৰতিযোগিতা আৰু তাৰ পিছত ৰঞ্জিত দত্তৰ সঞ্চালনাত ‘বহাগৰ এটি দিন’ শীৰ্ষক এক কবি সমাৰোহ অনুষ্ঠিত হয়। গীতা দেৱী নেওগে আঁত ধৰা কবি সমাৰোহখনত দুই কুৰি কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। উক্ত অনুষ্ঠানতে পাটকাই আলোচনীখন উন্মোচন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে। অনুষ্ঠানত ডাঃ গিৰীণ বৰাক পাটকাই আলোচনীৰ দ্বাৰা প্ৰৱৰ্তিত পাটকাই শ্ৰেষ্ঠ কবি বঁটা আগবঢ়োৱাৰ লগতে শিশু শিল্পী ছায়াৰাণী খাৰিয়ালৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ বেটুপাত শিল্পীৰ খিতাপ।

একেটা দিনতে সন্ধিয়াৰ পৰা বিহুৱতী, মৌকুৱঁৰী আৰু গাভৰু বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়। দ্বিতীয় বাৰৰ বাবে মনবাহাদুৰ গুৰুং সোৱঁৰণী পাটকাই শ্ৰেষ্ঠা বিহুৱতী ২০১৯ খিতাপ অৰ্জন কৰে ডিব্ৰুগড়ৰ ৰিতুপৰ্ণা দাসে। টিকাৰাম শৰ্মা সোৱঁৰণী পাটকাই শ্ৰেষ্ঠা মৌকুৱঁৰী ২০১৯ খিতাপ অৰ্জন কৰে তিনিঢুকীয়াৰ প্ৰিঞ্চি বৰুৱাই। গাভৰু বিহু প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে তিনিচুকীয়াৰ বৰ্হমথুৰি গাভৰু বিহু দল আৰু মৰাণ আঞ্চলিক গাভৰু বিহু দলে।

অন্তিম দিনা পুৱা গামোচা, পিঠাপণা আৰু কণীযুজঁ প্ৰতিযোগিতা আনুষ্ঠিত হয়। সন্ধিয়া ৰঞ্জিত দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি ৰুপে  উপস্থিত থাকি শিক্ষাবিদ সোমেশ্বৰ নেওগ আৰু প্ৰাক্তন অগপ নেতা জ্যোতিষ সোন্দাষে বক্তৃতা দিয়ে। ইয়াৰ পিছত বটাঁ বিতৰণী আৰু নিশা সদ্য প্ৰয়াত দণ্ডেশ্বৰ মিলি সোঁৱৰণী  সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে গীত পৰিৱেশন কৰে। তাৰ পূৰ্বে ঢোলৰ ৰাণী খ্যাত প্ৰিয়াংকী শইকীয়াৰ লোকবাদ্য, আৰু পছুৱা বিহুদলে বিহু পৰিৱেশন কৰে।