কলিয়াবৰত তিনি দিনীয়া কাৰ্য্যসূচীৰে সদৌ অসম জনজাতীয় উৎসৱ-২০১৯

Tribal Festival

কলিয়াবৰত আজি আৰম্ভ হৈছে অসম ভিত্তিত জনজাতীয় উৎসৱ ২০১৯-ৰ তিনিদিনীয়া কাৰ্যসূচী।  কলিয়াবৰৰ জনজাতীয় সমন্বয় ক্ষেত্ৰ ৰৌমাৰী পথাৰত জিলা জনজাতীয় ঐক্যমঞ্চৰ উদ্যোগত চলা এই উৎসৱ অহা ৩ ফেব্ৰুৱাৰি পৰ্য্যন্ত চলিব।

আজি আৰম্ভণিৰ দিনটো পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জনজাতীয় আৰ্হিৰ ঘৰ উদ্বোধন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্য্যসূচীৰ পাতনি মেলা হয়।

পুৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতে এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰৰ উদ্বোধক হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্ত, আৰু নগাওঁ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ সদানন্দ পায়েং দেৱে ভাগ লয়।

আনহাতে এই জনজাতীয় উৎসৱ অনুষ্ঠানতোৰ নামকৰণ “হেৰাই যোৱা শিপাৰ সন্ধানত” বুলি নামকৰণ কৰা হৈছে। অৰ্থাৎ অসমৰ খিলঞ্জীয়া জনজাতীয় সম্প্ৰদায়ৰ মাজত যি ঐক্য ভাতৃত্ববোধ হেৰাই যোৱাৰ উপক্ৰম হৈছে সেই ঐক্য, ভাতৃত্ববোধ, আত্মীয়তাৰ এনাজৰীডাল পুনৰ টনকিয়াল কৰাৰ লক্ষ্যৰে এই জনজাতীয় উৎসৱৰ আয়োজন কৰা হৈছে।