NORTHEAST NOW (Assamese)

জিপিএছ অনুসৰণ কৰি বিপদত! নিৰ্মীয়মান দলঙৰ পৰা নদীত পৰিল গাড়ী; তিনিজনৰ মৃত্যু

November 25, 2024 10:33 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

জিপিএছ চাই গাড়ী চলোৱাৰ সময়তে ঘটিল অঘটন। নির্মীয়মান দলঙৰ ওপৰেৰে  তীব্ৰ বেগেৰে গাড়ীখন চলাইছিল চালকে৷ গাড়ীখন পোনে পোনে গৈ নদীত পৰিল। উত্তৰ প্ৰদেশৰ বাৰেলীত সংঘটিত এই দুৰ্ঘটনাত চালকসহ তিনিজন লোকে প্ৰাণ হেৰুৱাইছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, উত্তৰ প্ৰদেশৰ বাৰেলীৰ পৰা ডাটাগঞ্জলৈ গাড়ীখনত গৈ আছিল তিনিজন যাত্ৰী। গাড়ীৰ চালকজনে খালপুৰ-ডাটাগঞ্জ পথটোৰে আগবাঢ়িছিল। এই পথতে আছে নিৰ্মীয়মান দলংখন। গাড়ীৰ চালকজনে মোবাইলত জিপিএছৰ নিৰ্দেশনা অনুসৰণ কৰি আছিল। দলঙত উঠি দ্ৰুতগতিত গাড়ী চলায় যায়। দলঙৰ ভঙা অংশটোৰে পোনে পোনে গৈ গাড়ীখন ৰামগংগা নদীত পৰিল।

চক্ৰ বিষয়া আশুতোষ শিৱমে জনোৱা মতে, চলিত বৰ্ষৰ বানপানীৰ সময়ত দলংখনৰ সন্মুখৰ অংশ ভাঙি গৈছে। ইয়াৰ পাছতে দলংখনৰ নির্মাণৰ কামো আৰম্ভ হয়৷ কিন্তু জিপিএছ আপডেট কৰা হোৱা নাছিল। সেইবাবেই চাগে চালকজনে গম পোৱা নাছিল যে দলংখন নিৰাপদ নহয়। আনকি, দলংখনত কোনো সতৰ্কবাণী ফলকো নাছিল।

গাড়ীখন দলঙৰ পৰা প্ৰায় ৫০ ফুট তলত নদীত বাগৰি পৰে। স্থানীয় বাসিন্দাসকলে এই কথা লক্ষ্য কৰে। তেওঁলোকেই আৰক্ষীক খবৰ দিয়ে। বাৰেলী আৰক্ষীয়ে গৈ তিনিওজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে নদীৰ পৰা উদ্ধাৰ কৰে গাড়ীখন।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখন তীব্ৰ গতিত চলিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সেইবাবেই সংঘটিত হয় এই দুৰ্ঘটনা। মৃতকৰ পৰিয়ালৰ লোকে এই দুৰ্ঘটনাৰ বাবে প্ৰশাসনৰ গাফিলতিকে জগৰীয়া কৰিছে। ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁলোকে জিলা দণ্ডাধীশক অনুৰোধ জনায়।

Related News