সুৰক্ষা বাহিনীৰ পৃথক অভিযানত ডি এন এল এ আৰু য়ু পি এল এৰ তিনিজন কেডাৰ আটক

DNLA

আটকাধীন ডি এন এল এ কেডাৰ গৰাকী

ডিফু আৰক্ষীয়ে আজি ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মি (ডিএনএলএ)ৰ এজন সদস্যক ডিফু প’ষ্ট অফিচৰ সমীপৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন ডি এন এল এৰ সদস্যজনক চিকাৰীপথাৰৰ বাসিন্দা সুৰজিৎ দাস (৩০) বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন উগ্ৰপন্থী সদস্যজনৰ পৰা এটা .২২ পিষ্টল, চাৰি ৰাউণ্ড সজীৱ গুলী, এটা মেগজিন, এটা মোবাইল আৰু এ এছ ০৯ এ চি ৮০৩৪ নম্বৰৰ এখন অটো আৰক্ষীয়ে উদ্ধাৰ কৰে।

আনহাতে, অন্য এটা অভিযানত শুকুৰবাৰে নিশা ৯.৩০ বজাত য়ুনাইটেড পিপ’ল লিবাৰেশ্যন আৰ্মি চমুকৈ (য়ুপিএলএ) ৰ দুজন  দুৰ্ধৰ্ষ কেডাৰক হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ বৰবিলৰ পৰা সুৰক্ষা বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয়।

সুৰক্ষা বাহিনীয়ে আটক কৰা য়ু পি এল এৰ সদস্য দুগৰাকী ক্ৰমে বৰপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত মাইগাঁৱৰ চেমছন তাৰো(৩২) আৰু হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত থেৰেবাছাৰ মোজাৰি ৰংফাৰ(২৪) বুলি চিনাক্ত কৰা হৈছে।

অভিযানত আটকাধীন উগ্ৰপন্থী সদস্য দুগৰাকীৰ পৰা কোনোধৰণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হোৱা নায়।