NORTHEAST NOW (Assamese)

নগাঁৱৰ চামগুৰিত গঁড়ৰ খড়্গসহ আটক তিনি দুৰ্ধৰ্ষ চোৰাংচিকাৰী

August 27, 2018 8:41 pm · এন ই নাও নিউজ
Updated: August 27, 2018 8:50 pm

নগাঁৱৰ চামগুৰিৰ ৰঙাগৰাত অসম আৰক্ষীয়ে আজি এক অভিযান চলাই গঁড়ৰ খড়্গসহ তিনি গৰাকীকৈ দুৰ্ধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন চোৰাংচিকাৰী কেইজনক চামগুৰিৰ ফজৰ আলী, আব্দুল কাদিৰ আৰু নগাঁৱৰ কচুৱাৰ আজিজুল হক বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

প্ৰাপ্ত তথ্য মতে, নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি পুৱাৰে পৰা অভিযান অব্যাহত ৰাখি চোৰাংচিকাৰী কেইজনে গঁড়ৰ খড়্গটো বিক্ৰীৰ বাবে অনাৰ সময়তে ধৰা পেলাই। তেওঁলোকৰ পৰা আৰক্ষীয়ে এটা গড়ৰ খড়্গৰ লগতে তিনিখন বাইক আৰু তিনিটা মোবাইল ফোন জব্দ কৰে।

বৰ্তমান নগাঁও আৰক্ষীয়ে চোৰাংচিকাৰী কেইজনক নিজৰ জিম্মাত লৈ আৰু অধিক তথ্যৰ বাবে তদন্ত চলাই আছে।

Related News