আজি কেইবামাহো ধৰি ড্ৰাগছ, নকল সোণৰ বেহা আৰু জালনোটৰ ব্যৱসায় বন্ধ কৰিবৰ বাবে লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰক্ষী বিষয়া আনন্দ মিশ্ৰই।
কিন্তু আনন্দ মিশ্ৰৰ একচন চলি থকাৰ পিছতো লখিমপুৰ জিলাখনৰ বিভিন্ন ঠাইত অব্যাহত আছে নকল সোণৰ ব্যৱসায়।
সোমবাৰে নকল সোণৰ বিৰুদ্ধে অভিযান চলাই গহপুৰ আৰক্ষীয়ে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ এটা নকল সোণৰ ব্যৱসায়ী চক্ৰক গ্ৰেপ্তাৰ কৰিছে।
এই গ্ৰেপ্তাৰৰ ঘটনাই লখিমপুৰত এতিয়াও অবাধে নকল সোণৰ ব্যৱসায় চলি থকাৰ কথা প্ৰমাণিত কৰিছে।
জানিব পৰা মতে, গহপুৰৰ বড়িগাওঁ তিনিআলিত সোণৰ নাও বিক্ৰি কৰিবলৈ অহা তিনজন বেপাৰী আৰক্ষীৰ জালত পৰে। ১.৫ কে:জি: নকল সোণৰ নাও, দুটাকৈ ম’বাইল ফোনসহ মুক্তাৰ হুছেইন, চৰিফুল ইচলাম, ৰফিকুল আলিক গ্ৰেপ্তাৰ কৰিছে গহপুৰ আৰক্ষীয়ে।
নকল সোণৰ তিনিওজন ব্যৱসায়ীৰ ঘৰ লক্ষিমপুৰ জিলা বিহপুৰীয়াৰ মৰনৈত বুলি আৰক্ষীয়ে সদৰী কৰিছে।
আৰক্ষীয়ে ইতিমধ্যে সোণখিনি বিকিবলৈ অহা এ এচ ১২এইচ-১৫০৭ নম্বৰৰ চেন্ট্ৰ গাড়ীখন জব্দ কৰিছে।