হনুমান পইচা, বন মানুহৰ হাড়, হুদু পক্ষী…চাপৰৰ বাঙালডোবাৰ পৰা তিনি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

ধুবুৰী, কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী তথা চাপৰৰ ৰঙামাটি, বাঙালডোবা আৰু পাৰ্শ্বৱৰ্তী ঢোলমাৰা, দুৰ্গামাৰী আদি অঞ্চলক কেন্দ্ৰ কৰি গঢ়ি উঠা এটা সংগঠিত প্ৰবঞ্চক চক্ৰই একাংশ লোকৰ অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি দীর্ঘদিনৰে পৰা হনুমান পইচা, বন মানুহৰ হাড়, হুদু পক্ষী, কেকো সাপ আদিৰ নামত প্ৰবঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

এনে প্ৰবঞ্চক চক্ৰৰে তিনি প্ৰৱঞ্চকক চাপৰ আৰক্ষীয়ে বাঙালডোবাৰ পৰা হাতে লোটে গ্ৰেপ্তাৰ কৰি চাপৰ থানালৈ আনে। চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিয়ে জানিবলৈ দিয়া মতে প্ৰৱঞ্চক চক্ৰটোৱে বাক্সা জিলাৰ বৰবৰীৰ জনৈক জনতা ব্ৰহ্ম(৪২)ক প্ৰৱঞ্চনা কৰাৰ উদ্দেশ্য কালি চাপৰৰ বাঙালডোবালৈ মাতি আনে।উল্লেখযোগ্য যে নি:সন্তান জনতা ব্ৰহ্মক বাঙালডোবাত থকা এজন কবিৰাজে নিশ্চিত সন্তানপ্ৰাপ্তি কৰাব পাৰিব বুলি কৈ প্ৰৱঞ্চকৰ দলটোৱে উক্ত ঠাইলৈ লৈ আহে।

পিছত প্ৰবঞ্চকৰ দলটোৰ মূল নায়ক ৰঙামাটিৰ হলদিবাৰীৰ কৰিমুদ্দিন শ্বেখৰ পুত্ৰ চমিৰ আলী(৪২)য়ে নিজেই কবিৰাজৰ ভাও ধৰি বাঙালডোবাত থকা জমচেৰ দেৱানীৰ ঘৰত বিভিন্ন পূজাৰ সা- সামগ্ৰীৰে পূজা আৰম্ভ কৰি জনতা ব্ৰহ্মক সন্মোহণৰ চেষ্টা চলায়। কিন্তু জনতা ব্ৰহ্মৰ সম্বিত ঘূৰি আহে আৰু প্ৰৱঞ্চক চক্ৰৰ কাৰচাজি বুজি উঠিবলৈ সক্ষম হৈ কৌশলেৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিক খবৰ দিয়ে।

লগে লগে ভাৰপ্ৰাপ্ত বিষয়া কাকতিৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জনতা ব্ৰহ্মক উদ্ধাৰ কৰাৰ লগতে প্ৰৱঞ্চনাৰ সৈতে জড়িত চমিৰ আলী, আনোৱাৰ হুছেইন(২৮, বাঙালডবা ২য় খণ্ড) আৰু বঙাইগাঁও জিলাৰ চেংমাৰীৰ মুস্তাফিজুৰ ৰহমান(৪২)ক বিভিন্ন আপত্তিজনক সামগ্ৰীৰ সৈতে আটক কৰি চাপৰ থানালৈ আনে যদিও আন কেইবাজনো প্ৰৱঞ্চকে পলায়ন কৰে।

পিছত প্ৰৱঞ্চনাৰ বলি হোৱাৰ পৰা কথমপি ৰক্ষা পোৱা জনতা ব্ৰহ্মই প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ লগতে প্ৰৱঞ্চক তিনিটাক গ্ৰেপ্তাৰ কৰে।উক্ত অঞ্চলত সক্ৰিয় তথা সংগঠিত ৰূপত থকা সমগ্ৰ প্ৰৱঞ্চক চক্ৰটোক আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত কৰি উৎখাত কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।