NORTHEAST NOW (Assamese)

ধুবুৰী-বঙাইগাওঁ জিলাৰ সীমান্তত তীব্র হাৰত বৃদ্ধি পাইছে জুৱা খেলৰ পয়োভৰ, তিনি জুৱাৰীক আটক

October 8, 2022 8:45 pm · প্ৰণয় দেৱৰয়,চাপৰ
Updated: October 8, 2022 8:46 pm

ধুবুৰী-বঙাইগাওঁ জিলাৰ সীমান্তত তীব্র হাৰত বৃদ্ধি পাইছে জুৱা খেলৰ পয়োভৰ। শনিবাৰে ধুবুৰী জিলাৰ চাপৰৰ শেগুনঝাৰীত বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষীয়ে এক অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় তিনিজনকৈ জুৱাৰীক।

উক্ত অভিযানকালত আন কেইবাজনো জুৱাৰী পলাই যাবলৈ সক্ষম হয়।

পিছত বইটামাৰী আৰক্ষীয়ে আটকাধীন জুৱাৰী তিনিজনক চাপৰ আৰক্ষীক চমজাই দিয়ে।

আটকাধীন জুৱাৰীকেইজন ক্ৰমে ছবেদ আলী, নবিস আলী আৰু মজিবৰ আলী বুলি জানিব পৰা গৈছে।

Related News