NORTHEAST NOW (Assamese)

কোকৰাঝাৰত বৃহৎ পৰিমাণৰ গাঞ্জাৰ সৈতে তিনি সৰবৰাহকাৰীক আটক

March 31, 2022 7:53 am · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ কাৰীগাওঁৰ পৰা তিনি গাঞ্জা সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ গাঞ্জাৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছে ৷

আটকাধীন লোককেইজন হৈছে ক্ৰমে- মুকেশ কুমাৰ( বিহাৰ)মিঠুন মিঞা (মানকাচৰ),হাছানুৰ ৰহমান( মানকাচৰ) ৷

তেওঁলোকৰ পৰা আৰক্ষীয়ে ৪১ টা পেকেটত ৯৩ কেজি গাঞ্জা জব্দ কৰিছে ৷

এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে কাৰীগাঁৱত তালাচী চলাই বিআৰ ১১ভি ৭৫৫১ নম্বৰৰ স্কৰপিঅ’ বাহন খনৰ পৰা গাঞ্জাখিনি জব্দ কৰিছে ৷

গাঞ্জাখিনি আগৰতলাৰ পৰা বিহাৰলৈ নি থকাৰ অৱস্থাতে জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

আটকাধীন লোককেইজনক আৰক্ষীয়ে কোকৰাঝাৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে ৷

Related News