কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত পুনৰ অন্ধ বিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হ’ল চাৰি সন্তানৰ মাতৃ এগৰাকী মহিলা ৷ ঘটনাটো সংঘটিত হৈছে গোসাইগাঁও থানাৰ অন্তৰ্গত গুমা বনাঞ্চল এলেকাৰ সত্যপুৰৰ মোহনপুৰত ৷
মহিলা গৰাকী মোহনপুৰ গাঁৱৰ ভান টুডুৰ পত্নী অঞ্জলী মূৰ্মু (৪৫) বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্যমতে যোৱা ৭ মে’ত সন্ধিয়া গাঁওখনৰে নিবাসী চাৰিজন যুৱক ক্ৰমে সুনীল মাৰ্ডী(১৬) ,হোপনা হেমব্ৰম(১৬) ৰবিনছন কিস্কু(৩০) আৰু ছাকেল হেমব্ৰমে(৩০) মহিলা গৰাকীক নিজ গৃহৰ পৰা বলপূৰ্বক উঠাই লৈ যায় ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰী শৰ্মাই অসমত ৪২ জন লোকৰ মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল: ভূপেন বৰা
মহিলা গৰাকীৰ স্বামীয়ে ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়া কান্দন কিস্কুক অৱগত কৰে আৰু গাঁওবুঢ়াই তাৎক্ষনিকভাবে গোসাইগাঁও আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পাই আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে গাঁওবাসীয়ে হত্যাকাৰী তিনি যুৱক সুনীল মাৰ্ডী, হোপনা হেমব্ৰম আৰু ৰবিনছন কিস্কুক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷
আৰক্ষীৰ জেৰাত ধৃত যুবক কেইগৰাকীয়ে স্বীকাৰ কৰে যে মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰি গাঁওখনৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত হাবিৰ মাজত গছত ওলমাই থৈছে ৷
লগতে পঢ়ক: ব্যৰ্থতা, প্ৰতাৰণা আৰু কু-শাসনৰ দস্তাৱেজ এবছৰীয়া হিমন্ত চৰকাৰ- লুৰীণজ্যোতি গগৈ
সেইমতে সোমবাৰে পুৱা আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি গোসাইগাঁও থানালৈ আনে ৷ হত্যাকাণ্ডৰ মূল নায়ক ছাকেল হেমব্ৰম পলাতক হৈ আছে ৷