NORTHEAST NOW (Assamese)

বিশ্বনাথত নেমছুৰ ৩ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন

October 1, 2020 3:55 pm · কাজী জেইদুল ইছলাম

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত  আজি তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় ।

চৰকাৰী মাদ্ৰাছা, সংস্কৃত টোল বন্ধ ঘোষণা কৰা আৰু বিশ্বনাথ জিলাৰ মাইমলচ আৰু জোলহাসকলক OBC প্ৰমাণ পত্ৰ দিয়া বন্ধ কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ।

প্ৰতিবাদৰ অন্তত বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষা মন্ত্ৰী, ভাৰতৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী, ভাৰতৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Related News