• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাইথান ষ্টীলৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ব মল্লযুঁজাৰু ‘দ্য গ্ৰেট খালি’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 1, 2020 4:16 pm

4 min read

Khali
250
VIEWS
Share on FacebookShare on Twitter

দেশৰ বৰ্তমানৰ অগ্ৰণী আৰু প্ৰতিষ্ঠিত ষ্টীল নিৰ্মাতা ব্ৰেণ্ডৰ ভিতৰত এটাৰূপে পৰিগণিত মাইথান ষ্টীলে তেওঁলোকৰ ব্ৰেণ্ড এম্বেছাদৰ ৰূপে প্ৰখ্যাত মল্লযুঁজাৰু আৰু অভিলেখ গঢ়ি  ৱৰ্ল্ড ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট (WWE)ৰ বিশ্ব হেভিৱেট চেম্পিয়নশ্বিপ জিকা প্ৰথম ভাৰতীয় ‘দ্য গ্ৰেট খালি’ৰ নাম ঘোষণা কৰিছে।

এই এছ’চিয়েছনৰ অংশৰূপে দ্য গ্ৰেট খালিয়ে মাইথান ষ্টীলৰ আহিবলগীয়া প্ৰচাৰ, ব্ৰেণ্ড সংযোগ আৰু মাৰ্কেটিঙৰ আৰম্ভকাৰী হ’ব। তেওঁক ব্ৰেণ্ড এম্বাছেদৰ ৰূপে ঘোষণা কৰি এটা নতুন বিজ্ঞপনৰ অভিযানো আৰম্ভ কৰিছে।

দ্য গ্ৰেট খালিৰ অভিনিত “নিৰ্মাণ কা মানদণ্ড” নামৰ নতুন বিজ্ঞাপন অভিযানত তেওঁক দেশ আৰু বিশ্বৰ  ডাঙৰ শক্তিৰ প্ৰতীকৰূপে দেখুওৱা হৈছে।

আনহাতে লোহা আৰু ষ্টীল নিৰ্মাণ উদ্যোগত নামি পৰাৰ কমেও দুটা দশক সম্পূৰ্ণ হোৱাত মাইথান ষ্টীলে টিভিচিৰ জৰিয়তে আজিৰ বজাৰৰ বিষয়ে উপভোক্তাক শিক্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এনে আনন্দৰ মুহূৰ্তত মাইথান ষ্টীলৰ সঞ্চালক মধুৰ আগৰৱালে কয়- এয়া উপভোক্তাৰ মনত এক শক্তিশালী পৰিচয় বার্তাই ৰখাৰ মহত্বপূৰ্ণ পদক্ষেপ  আৰু মাইথান বিশ্বৰ সবাতোকৈ ডাঙৰ শক্তিৰ প্ৰতীক।

উপভোক্তাৰ মাজত তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰভাৱ বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে আমাৰ লগত প্ৰচাৰ অভিযানৰ বাবে ৭ টিভিচিৰ এক শৃংখলা (series) আছে, যিয়ে মনোমোহাকৈ উপভোক্তাক ব্ৰেণ্ড আৰু তেওঁলোকৰ প্ৰমুখ বাৰ্তাৰ বিষয়ে শিক্ষা মনোৰঞ্জনৰে  বাৰ্তা দিয়াৰ চেষ্টা চলাব। অভিনৱ মাধ্যমৰে মাৰ্কেটিং কৌশল অর্জনৰ লক্ষ্য  স্থিৰ কৰা হৈছে  যাতে অনাগত সময়ত এয়া উপভোক্তাক সবাতোকৈ অধিক আকৰ্ষিত কৰিব পৰা লোহা আৰু ষ্টীলৰ ব্ৰেণ্ড উদ্যোগ হয়।

মাইথান ষ্টীলে ‘দ্য গ্ৰেট খালি’ৰ সহযোগত  টিভিচি সেৱা প্ৰিন্ট, ব্ৰডকাষ্ট আৰু ডিজিটেল মাধ্যমৰে বৃহৎ মাত্ৰাত উপভোক্তাক সজাগ কৰাৰ অভিযান চলোৱাৰ লক্ষ্য লৈ আগবাঢ়ি আছে।

বিশ্বৰ মহান মল্লযুঁজাৰু আৰু দেশৰ প্ৰতিষ্ঠিত ক্ষমতাৰ আইকণ দ্য গ্ৰেট খালিয়ে উপভোক্তাক শিক্ষিত আৰু অনুপ্ৰেৰণা যোগাব মাইথান ষ্টীলৰ দৰে শক্তিশালী ষ্টীল ক্ৰয় কৰিবলৈ।

টিভিচিয়ে গুণাগুণ আৰু ৰাজ্যিক স্তৰৰ আৰ্ট টেক’নলজিৰ কথা দৰ্শায়। য’ত দ্য গ্ৰেট খালিয়ে প্ৰতিনিধিত্ব কৰা মাইথান ষ্টীলক বজাৰত উপলব্ধ সবাতোকৈ শক্তিশালী ষ্টীলৰূপে মান্যতা দিয়ে।

আনহাতে দ্য গ্ৰেট খালিৰ সহযোগিতাত মাইথান ষ্টীলে নিজৰ ব্ৰেণ্ড সামগ্ৰীক শক্তিশালী, শিথিল আৰু সমঝদাৰৰ নিৰ্বাচন সামগ্ৰীৰূপে উপভোক্তাৰ ওচৰলৈ লৈ গৈছে।

মাইথান ষ্টীল টিএমটি৬০০ বাৰৰ ব্যৱহাৰত আন ষ্টীলৰ তুলনাত ২০ শতাংশ আৱশ্যকীয়তা কম হয়। কিয়নো মাইথান ষ্টীল এফই৬০০ গ্ৰেডৰ হয়, সেইবাবে ২০ শতাংশ আৱশ্যকীয়তা কম হয় আৰু কম শ্ৰম শক্তিৰ প্ৰয়োজন হয়।

যি উপভোক্তাৰ বাবে সঠিক বিকল্প হৈ পৰে মাইথান ষ্টীল। এই সম্পৰ্কে মাইথান ষ্টীলৰ সঞ্চালক কৌশল আগৰৱালাই কয় – আমি নিজৰ অভিযানত খালিক জড়িত কৰি আনন্দিত হৈছোঁ। উপভোক্তাৰ সৈতে ভাল ধৰণে জড়িত হৈ পৰিবলৈ খালিয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিব। তেওঁ উপভোক্তাৰ মাজত মাইথান ষ্টীলৰ বিশ্বাস আৰু ভাৱনা স্থাপিত কৰিব।

মাইথান ষ্টীলৰ বেংগল, বিহাৰ, ঝাৰখণ্ড, পূব উত্তৰ প্ৰদেশৰ লগতে উত্তৰ পূব ৰাজ্যৰ বজাৰত প্ৰমুখ উপস্থিতি আছে, য’ত পূব ভাৰতত মুঠ ৩ শতাংশ বজাৰ অংশীদাৰ আছে।

মাইথান ষ্টীল সামগ্ৰীসমূহ বিশেষকৈ শক্তিশালী টিএমটি মূল্য আধাৰিত হোৱা বাবে উপভোক্তাৰ এক পছন্দৰ ব্ৰেণ্ড। এই ষ্টীলে উপভোক্তাৰ দৃষ্টি আকৰ্ষণৰ বাবে এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। য’ত দ্য গ্ৰেট খালিৰ বন্ধুৰূপে ‘মৈথন মেন'(Maithan Man) নামৰ মাইথান ষ্টীলৰ দৰ্শনসমূহ তুলি ধৰিবলৈ এটা শুভংকৰ সাজি উলিয়াইছে।

মাইথান ষ্টীলৰ এজিএম আৰু উত্তৰ পূব গুৱাহাটী পাৱাৰ লিমিটেডৰ এজিএম গজেন্দ্ৰ সিঙে কয় যে প্ৰত্যাহ্বানপূৰ্ণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদিত সামগ্ৰী সঠিক বিকল্পৰ মাধ্যমৰে উপভোক্তা কাষলৈ লৈ যোৱা আৱশ্যকতা আছে। নতুন প্ৰচাৰ অভিযান ‘নিৰ্মাণ কা মানদণ্ড’ ই উপভোক্তাক মাইথান ষ্টীলৰ নিষ্ঠা আৰু ব্ৰেণ্ড মূল্যৰ বিষয়ে অৱগত কৰোৱাত মহত্বপূৰ্ণ উদ্যোগ গ্ৰহণ কৰিব।

লোহা আৰু ষ্টীলৰ বজাৰ দখলৰ লক্ষ্য আছে মাইথান ষ্টীলৰ। তেওঁলোকৰ প্ৰমুখ উপস্থিতি উত্তৰ পূব ৰাজ্যৰ লগতে বেংগল, বিহাৰ, ঝাৰখণ্ড, পূব উত্তৰ প্ৰদেশ আছে।

পূব ভাৰতত তেওঁলোকৰ বজাৰৰ অংশীদাৰীত্ব আছে ৩ শতাংশ। গ্ৰাহকৰ পছন্দৰ ব্ৰেণ্ডৰূপে পৰিগণিত মাইথান ষ্টীলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মানদণ্ডৰ বিষয়ে সাজি উলিওৱা শুভংকৰে তুলি ধৰাৰ চেষ্টা চলাইছে।

তেওঁলোকে এই সকলোবোৰ তুলি ধৰিবলৈ ধাৰণাগত ৮২.৫ কমিউনিকেচনৰ দ্বাৰা, টিভিএছ লাইভ কৰিব হিন্দী, বেংগলী আৰু অসমীয়াত। পূব প্ৰান্ত আৰু উত্তৰ পূব ভাৰতৰ বজাৰৰ দখলৰ উদেশ্যেৰে এই সকলো কৰিব।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd