মৃত্যু, আহত, সন্ধানহীনঃ দুধনৈত তিনিটা অঘটন

দুধনৈৰ বড়ীপাৰাত অঘটন। বাঁহ কাটি থকা অৱস্থাতে উচ্চ পৰিবাহী বিদ্যুতৰ তাঁৰত লাগি বিদ্যুৎপৃষ্ট এগৰাকী শ্ৰমিক ৷ ততাতৈয়াকৈ লোকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃত লোকজন কাৰিপাৰাৰ অমিয় নাথ ৷

বাঁহ কাটি থকাৰ সময়তে সংঘটিত হয় এই অঘটন। মৃত লোক জনৰ লগতে আন এজন লোকো বিদ্যুৎপৃষ্ট হয় যদিও তেওঁ সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ৷

গোৱালপাৰাৰ বহতীতো অঘটন ৷ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছে নৱম শ্ৰেণীৰ এজন ছাত্ৰ ৷ স্থানীয় ৰাইজে চলাই আছে উদ্ধাৰ অভিযান ৷

ঘটনাস্থলীলৈ SDRFৰ দল ৰাওঁনা হৈছে ৷ ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ছাত্ৰজনৰ নাম নীলমণি দাস ৷
দুধনৈৰ কাচাদ’লত ঘটিছে পথ দুৰ্ঘটনা।

বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ খবৰ আহিছে ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহী জাকাৰিয়া মণ্ডল ৷ যুৱক জনৰ ঘৰ লক্ষীপুৰত ৷ আহত যুৱকজনক দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷