কুহিয়াৰ ৰস খুৱাই মহিলাৰ লগতে দুই নাবালিকাক ধৰ্ষণ; হোজাইত চাঞ্চল্য

crime in assam

প্ৰতিনিধিত্বমূলক ছবি

হোজাইত পোহৰলৈ অহা এটা ধৰ্ষণকাণ্ডৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে কুহিয়াৰ ৰসৰ লগত নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই এজন লম্পট চৰিত্ৰৰ লোকে এগৰাকী মহিলাৰ লগতে দুই নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰে।

হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত উত্তৰ ডিমৰু পাৰ গাঁৱত উক্ত ঘটনা সংঘটিত হৈছিল। ধৰ্ষণৰ অভিযোগ উঠা লোকজনক গাঁওখনৰে ইউচুফ আলীৰ পুত্ৰ জাকিৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে।

অভিযোগ মতে শনিবাৰে সন্ধিয়া সমীপৰে এঘৰ চিনাকী লোকৰ ঘৰলৈ কুহিয়াৰৰ ৰস লৈ অহা জাকিৰে কুহিয়াৰৰ ৰসখিনি ফ্ৰিজত থবলৈ দি তাৰ পৰা গুচি গৈছিল। পিছত নিশা পুনৰ তেওঁ ঘৰটোলৈ আহি ঘৰত থকা দুই ভগ্নিৰ লগতে তালৈ ফুৰিবলৈ অহা ছোৱালী দুজনিৰ মামিয়েককো কুহিয়াৰৰ ৰসখিনি খাবলৈ দিছিল।

কিন্তু তেওঁলোকে খাবলৈ অমান্তি হোৱাত জাকিৰে জণ্ডিছ ভাল হয় বুলি কৈ বলপুৰ্বক ভাবে মহিলা আৰু কিশোৰী দুগৰাকীক ৰসখিনি সেৱন কৰোৱায়। কুহিয়াৰ ৰস খাই কিছু সময় পিছতে তিনিও অচেতন হৈ পৰাত লম্পট জাকিৰে ধৰ্ষনকাৰ্য সংঘটিত কৰে বুলি তেওঁলোকে অভিযোগ কৰে।

পিছত দেওবাৰে পুৱা চেতনা ঘুৰাই পোৱাৰ পিছতে নাবালিকা ছাত্ৰী দুগৰাকীয়ে বমি কৰা আৰম্ভ কৰাত অঞ্চলজুৰি খবৰটো বিয়পি পৰে। কিন্তু অঞ্চলটোত এক উত্তেজনা আৰম্ভ হোৱা দেখি জাকিৰে সুযোগ বুজি গাঁও এৰি পলায়ন কৰে।

ঘটনা সন্ধৰ্ভত ভুক্তভোগী পৰিয়ালে মোৰাঝাৰ আৰক্ষী থানত গোচৰ তৰাত কালি নিশা আৰক্ষীয়ে ধৰ্ষিতাসকলৰ স্বাস্থ্য পৰিক্ষা কৰোৱাৰ লগতে দোষীক বিচাৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে কিশোৰী দুগৰাকীৰ পিতৃ কৰ্মসূত্ৰে চৌদি আৰব আৰু মাতৃ চিকিৎসাৰ বাবে নলবাৰীলৈ গৈছিল। সেই সুযোগতে ঘৰখনৰ সৈতে ঘনিষ্ট লম্পট জাকিৰে এই জঘন্যকাণ্ড সংঘটিত কৰাৰ অভিযোগ উঠিছে।

আনহাতে পলায়ন কৰা লম্পট জাকিৰৰ পত্নীয়ে পূৰ্বেও এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত জাকিৰে জেলৰ ভাত খোৱাৰ লগতে আদালতত তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে বুলি বিস্ফোৰক মন্তব্য কৰে।

ঘটনাৰ পিছতে গুৱাহাটী যোৱাৰ কথা কৈ তেওঁ পলাই আছে বুলি জানিবলৈ দি পত্নীয়ে ষ্পষ্টভাৱে কয় যে স্বামী অপৰাধী হ’লে তেওঁ উচিত শাস্তিৰ কামনা কৰে। তদুপৰি গাঁওবাসী আৰু দল সংগঠনেও লম্পট জাকিৰক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী তুলিছে।