NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশত ইলেকট্ৰনিক সামগ্ৰীৰ দোকানত ভয়াৱহ অগ্নিকাণ্ড: তিনি শিশুসহ একেটা পৰিয়ালৰ ছয়গৰাকীৰ মৃত্যু

November 30, 2022 10:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 30, 2022 10:08 am

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত একেটা পৰিয়ালৰে তিনি শিশুকে ধৰি ছয়গৰাকী লোকৰ মৃত্যু হয়। পৰিয়ালটোৱে বাস কৰা অট্টালিকাটোৰ তলৰ মহলাত থকা ইলেক্ট্ৰনিকছ আৰু ফাৰ্নিচাৰৰ দোকানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত এইদৰে শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে পৰিয়ালটোৱে।

মঙলবাৰে নিশা ফিৰোজাবাদ জিলাৰ যছৰানা অঞ্চলৰ পাধাম চহৰত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডত পৰিয়ালটোৰ ছয়গৰাকী সদস্যৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

পৰিয়ালটোৱে অট্টালিকাটোৰ ওপৰৰ মহলাত বাস কৰিছিল যদিও তলৰ মহলাত সংঘটিত জুই প্ৰায় সকলো ফালে বিয়পি পৰাৰ বাবে জুইৰ পৰা হাত সাৰিবলৈ কোনো উপায় বিচাৰি নাপায় আৰু ফলস্বৰূপে অগ্নিকাণ্ডত জাহ যায়।

ইফালে অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীসহ আগ্ৰা, মইনপুৰী, ইটাহ আৰু ফিৰোজাবাদৰ ১৮ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। প্ৰায় ডেৰ ঘণ্টা ধৰি চলি থকা অভিযানৰ অন্তত জুই নিৰ্বাপিত কৰা হয় বুলি স্থানীয় এগৰাকী প্ৰশাসনিক বিষয়াই সদৰী কৰিছে।

আনহাতে উদ্ধাৰ অভিযানত পৰিয়ালটোৰ ছয়গৰাকী লোকৰ মৃতদেহ উদ্ধাৰৰ লগতে আন তিনিগৰাকী সদস্যক জীৱিত অৱস্থাত উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে।

এই শোকাৱহ ঘটনাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ প্ৰতি শোক প্ৰকাশ কৰি মৃতকৰ আত্মীয়ক দুই লাখ টকাৰ সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনিক বিষয়াসকলক নিৰ্দেশ দিয়ে বুলি চৰকাৰে জানিবলৈ দিছে।

 

প্ৰাথমিক তদন্তৰ অন্তত অগ্নিকাণ্ডৰ প্ৰধান কাৰণ শ্বৰ্ট চাৰ্কিট বুলি সন্দেহ কৰা হৈছে যদিও বিস্তৃত তদন্তৰ পাছতহে ইয়াৰ সঠিক কাৰণ জানিব পৰা যাব বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই সাংবাদিকৰ আগত অৱগত কৰে।

Related News