DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিজেপি সাংসদৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱালে ন বৰ্ষীয় শিশুৱে: খুন্দা মৰাৰ পাছতো আহত শিশুক পথতে এৰি যোৱাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2022 9:23 am
child dies after being run over by BJP MP's car
108
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ এক বস্তিত এগৰাকী বিজেপি সাংসদৰ বাহনৰ খুন্দাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে এটি শিশুৱে। বিজেপি সাংসদ হৰিশ দ্বিবেদীৰ দ্ৰুতবেগী বাহনে খুন্দা মৰাৰ ফলত ৯ বৰ্ষীয় শিশুটিৰ মৃত্যু হোৱা বুলি মঙলবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে।

মৃত শিশুটিৰ পিতৃ শত্ৰুঘন ৰাজভৰে দাখিল কৰা এজাহাৰ অনুসৰি অভিষেক নামৰ তেওঁৰ ৯ বৰ্ষীয় সন্তান শনিবাৰে হাৰ্ডিয়া ছেক্সনৰ ওচৰত আন এটি শিশুৰ সৈতে বিদ্যালয়ৰ পৰা উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হৈছিল।

এজাহাৰৰ উদ্ধৃতি দি আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শিশুকেইটিয়ে পথেৰে ঘৰ অভিমুখে গৈ থকাৰ সময়তে অভিষেকক দ্বীবেদীৰ এখন বগা ৰঙৰ এছ ইউ ভি বাহনে খুন্দা মাৰে।

গুৰুতৰভাৱে আহত শিশুটিক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আঘাতৰ সমস্যা অত্যধিক হৈ পৰাৰ বাবে তাৰ পৰা লক্ষ্ণৌলৈ স্থানান্তৰ কৰা হয়। কিন্তু চিকিৎসালয়লৈ যোৱাৰ পথতে শিশুটিৰ মৃত্যু হয়।

ইফালে নিহত শিশুটিৰ পিতৃ ৰাজভৰে অভিযুক্ত বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰিছে। এনে এক দায়িত্বশীল পদবীত থকাৰ পিছতো সাংসদগৰাকীয়ে শিশুটিক খুন্দিওৱাৰ পাছতো পথতে এৰি থৈ যায় বুলি উল্লেখ কৰিছে ৰাজভৰে।

সাংসদ দ্বিবেদীয়ে আঘাতপ্ৰাপ্ত শিশুটিক গাড়ীৰ পৰা নামি চিকিৎসালয়লৈ নিয়াৰ প্ৰয়োজনো অনুভৱ কৰা নাছিল বুলি ক্ষোভ উজাৰে শত্ৰুঘন ৰাজভৰে।

বিহাৰত কোনোবা সাংগঠনিক সভাত ব্যস্ত থকা সাংসদ দ্বিবেদীক এই দুৰ্ঘটনাৰ বিষয়ে তেওঁৰ কৰ্মচাৰীয়ে অৱগত কৰাৰ পাছতো দ্বিবেদী কোনো মন্তব্যৰ বাবে উপলব্ধ নহ’ল বুলিও জানিব পৰা গৈছে।

ইফালে ৰাজভৰৰ এই এজাহাৰৰ পাছতে চক্ৰ বিষয়া (বস্তি সদৰ) আলোক প্ৰসাদে সদৰী কৰা মতে, ভাৰতীয় দণ্ডবিধিৰ ২৭৯ আৰু ৩০৪এ ৰ অধীনত অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে।

স্মৰ্তব্য যে কিছুদিন পূৰ্বে পশ্চিম বংগত এগৰাকী তৃণমূল কংগ্ৰেছৰ সাংসদৰ বাহনৰ খুন্দাত এটি শিশুৰ মৃত্যু হৈছিল।

অৱশ্যে খেলি থকাৰ পৰাই হঠাতে সাংসদগৰাকীৰ গাড়ীৰ সমুখলৈ আহি পৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত সাংসদগৰাকীয়ে নিজৰ বাহনেৰে আহত শিশুটিক চিকিৎসালয়লৈ নিয়াৰ লগতে সু-চিকিৎসাৰো ব্যৱস্থা কৰিছিল।

কিন্তু আঘাত গুৰুত হোৱাৰ বাবে চিকিৎসাধীন অৱস্থাত শিশুটিৰ মৃত্য হৈছিল। ইয়াৰ পাছতে সাংসদগৰাকীয়ে এই দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰি নিহত শিশুটিৰ পৰিয়ালক যথাযথ ক্ষতিপূৰণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd