অসম-অৰুণাচল সীমান্তৱৰ্তী লিডুত আজি অচিনাক্ত সশস্ত্ৰ উগ্ৰপন্থীয়ে চলায় সন্ত্ৰাস। উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত তিনিগৰাকী ব্যক্তিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। লিডুৰ তামুলবাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
এই আক্ৰমণ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)- এ সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ চোৰাংচোৱাৰ সন্দেহতে ব্যক্তি তিনিগৰাকীক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে যোৱা ৯ ফেব্ৰুৱাৰীত মাৰ্ঘেৰিটাত এক সংঘৰ্ষত আৰক্ষীৰ গুলীত নিহত হৈছিল আলফা (স্বাধীন) ৰ এগৰাকী অন্যতম গুৰুত্বপূৰ্ণ ফিল্ড কামাণ্ডাৰ উদয় অসম। উদয় অসম আলফা (স্বাধীন)ৰ আছিল বুলি জানিব পৰা গৈছে।
উদয় অসমৰ বিষয়ে সেনা-আৰক্ষীক তথ্য যোগান ধৰা তথা উদয় অসমৰ হত্যাৰ প্ৰতিশোধকল্পেই আজি আলফা (স্বাধীন)- এ এই আক্ৰমণ সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে আজিৰ এই আক্ৰমণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো মন্তব্য কৰা নাই সেনা বা অসম আৰক্ষীয়ে।
লগতে আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদী গোটটোৰ পৰিচয় আৰু লগতে নিহত তিনি ব্যক্তিৰ পৰিচয় এতিয়াও প্ৰকাশ কৰা হোৱা নাই।