NORTHEAST NOW (Assamese)

পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

June 12, 2026 12:07 pm · এন ই নাও নিউজ, গুৱাহাটী

নিশাৰ আন্ধাৰত দক্ষিণ-পূব দিল্লীৰ তুঘলাকাবাদত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অঞ্চলটোৰ বহুমহলীয়া অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুৱায়। নিহতসকলৰ ভিতৰত আছে এজন যুৱক (২২) আৰু দুগৰাকী মহিলা। এই ঘটনাত আন দুজনৰ অৱস্থা অতি সংকটজনক। শুকুৰবাৰে পুৱতি নিশাৰ এই মৰ্মান্তিক দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংক বিয়পি পৰিছে।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নিশা প্ৰায় ২:৩০ বজাত তুঘলাকাবাদৰ ১ নং গলিৰ ছয় মহলীয়া অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰাৰম্ভিক তদন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে অনুমান কৰিছে যে প্ৰথম মহলাৰ পাৰ্কিং এলেকাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে।

সেই সময়ত তাত এখন ইলেক্ট্ৰিক স্কুটাৰ চাৰ্জ কৰি আছিল। লগে লগে ই-স্কুটাৰ আৰু পাৰ্কিং লটত থকা আন ছখন দুচকীয়া বাহনত অগ্নিকাণ্ড সংঘটিত হয়। অট্টালিকাটোৰ চিৰি আৰু ওপৰৰ মহলাবোৰ দ্ৰুতগতিত জুইৰ শিখা আৰু শ্বাসৰুদ্ধকৰ ক’লা ধোঁৱাই আগুৰি ধৰিলে। ফলত শুই থকা বাসিন্দাসকল কোনো বাহিৰলৈ ওলাই অহাৰ পথ নোহোৱাকৈ ভিতৰত আবদ্ধ হৈ পৰে।

এই খবৰ পোৱাৰ লগে লগে ৪খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, কেটছ (CATS) এম্বুলেন্স আৰু বৃহৎ আৰক্ষী বাহিনী সেই স্থানত উপস্থিত হয়। ডিচিপি, এচিপি আৰু অন্যান্য উচ্চ পদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে নিজৰ প্ৰাণ বিপন্ন কৰি অট্টালিকাৰ ভিতৰৰ পৰা মুঠ ৮ জন লোকক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা বাসিন্দাক ততাতৈয়াকৈ চফদৰজং হাস্পতাল আৰু এইমছ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।

উদ্ধাৰ অভিযানৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে এক কল্পনাতীত দৃশ্য প্ৰত্যক্ষ কৰে। বিষাক্ত ধোঁৱাৰ পৰা হাত সাৰিবলৈ অট্টালিকাৰ দুগৰাকী কিশোৰী ছাদলৈ দৌৰি যায়। কিন্তু ছাদৰ দুৱাৰত তলা লগোৱাৰ বাবে তেওঁলোক তাতেই আবদ্ধ হৈ পৰে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি অগ্নিনিৰ্বাপক বাহিনীয়ে ছাদত উপস্থিত হৈ তলা ভাঙি ছোৱালী দুগৰাকীক অক্ষত অৱস্থাত উদ্ধাৰ কৰে।

প্ৰায় ডেৰ ঘণ্টাৰ চেষ্টাৰ অন্তত পুৱা ৩:৪৫ বজাৰ ভিতৰত জুই নিয়ন্ত্ৰণলৈ অনা হয় আৰু পুৱা ৪ বজালৈ জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত হয়।

উল্লেখযোগ্য যে যোৱা ৩ জুনত দিল্লীৰ হৌজ ৰাণী অঞ্চলৰ ‘বেড এণ্ড ব্ৰেকফাষ্ট’ৰ এটা অট্টালিকাত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ২৩ জন লোকৰ কৰুণ মৃত্যু হৈছিল। শুকুৰবাৰে নিশা তুঘলাকাবাদৰ এই ঘটনাই ৰাজধানীৰ মাজমজিয়াত অগ্নিনিৰ্বাপক ব্যৱস্থা, ওখ অট্টালিকাৰ সুৰক্ষা আৰু বিশেষকৈ ই-স্কুটাৰ চাৰ্জিঙৰ বিপদৰ ওপৰত পুনৰ ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

Related News