শিক্ষকৰ অভাৱত অনিশ্চয়তাত কলিয়াবৰৰ তিনিখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ

Kaliabor school lake of teachers

ফটো: নৰ্থইষ্ট নাও।

বিকশিত অসমৰ শ্ল’গান গোৱা চৰকাৰৰ শিক্ষা বিভাগ এতিয়া গভীৰ নিদ্ৰাত। চৰকাৰৰ শিক্ষা বিভাগৰ অমনোযোগিতাৰ ফলতেই ঘোৰ অন্ধকাৰলৈ গতি কৰিবলৈ আগবাঢ়িছে শিক্ষাৰ্থীৰ ভৱিষ্যত।

পৰ্যাপ্ত শিক্ষকৰ অভাৱত কলিয়াবৰৰ আগশাৰীৰ তিনিখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত এতিয়া ঘোৰ অন্ধকাৰলৈ গতি কৰিছে।

ৰাজ্যত শিক্ষা বিভাগে কেইবাখনো উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। কিন্তু পূৰ্বতে উচ্চতৰ মাধ্যমিক হোৱা বিদ্যালয়সমূহে পৰ্যাপ্ত সুবিধা আৰু বিষয় শিক্ষক লাভ কৰিছেনে? তাৰ প্ৰকৃত খবৰ ৰাখিছেনে শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগে? কিয়নো কলিয়াবৰত এতিয়া শিক্ষকৰ অভাৱৰ ফলত বিপদত পৰিছে তিনিখনকৈ আগশাৰীৰ চৰকাৰী বিদ্যালয়।

Also Read: কৰ্মচাৰীৰ অভাৱত হাৰাশাস্তি গ্ৰাহকৰ; অসম গ্ৰামীণ বিকাশ বেংকৰ বামুন্দী শাখাত অচলাৱস্থা

কলিয়াবৰৰ স্ত্ৰী শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ লগতে জখলবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বৃটিছৰ দিনতে নিৰ্মাণ হোৱা কলিয়াবৰৰ প্ৰথমখন বিদ্যালয় কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষকৰ অভাৱে বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট কৰিছে।

উচ্চতৰ মাধ্যমিক শাখাৰ ১০ গৰাকী বিষয় শিক্ষকৰ পদ খালী হৈ থকাত বিপদত পৰিছে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়।লগতে চতুৰ্থ বৰ্গৰ বিষয়াৰ অভাৱে যথেষ্ট অসুবিধাৰ সন্মুখীন কৰিছে বিদ্যালয়খনত।

ঠিক সেইদৰে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঁচ গৰাকী বিষয় শিক্ষকৰ অভাবৰ লগতে কেৰাণী তথা চতুৰ্থ বৰ্গৰ বিষয়াৰ অভাৱে অসুবিধাৰ সৃষ্টি কৰিছে বিদ্যালয়খনত।

সমান্তৰালভাৱে জখলাবন্ধা উচ্চতৰ মাধ্যমিকতো প্ৰায় আটাইকেইজন বিষয় শিক্ষকৰ লগতে চতুৰ্থ বৰ্গ আৰু কেৰাণীৰ পদ খালি। ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ এতিয়া চিন্তিত হৈ পৰিছে আটাইকেইখন বিদ্যালয়ৰ কৰ্তৃপক্ষ ।

Also Read:ভ্ৰমণ বিলাসী ধনকুবেৰ! ৬০০ কোটি টকা খৰচ কৰি ক’ৰ পৰা ঘুৰি আহিল এইগৰাকী মহাজন?

বিদ্যালয় কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে চৰকাৰলৈ আহ্বান জনাইছে যাতে অতি শীঘ্ৰে উচ্চতৰ মাধ্যমিক শাখাৰ খালী হৈ থকা পদ সমূহ পূৰণ কৰে। অন্যথা শিক্ষকৰ অভাৱত বিদ্যালয় কেইখনৰ ছাত্ৰ- ছাত্ৰী সকলে প্ৰয়োজনীয় শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ লগতে তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব।