বঙাইগাঁৱত অবৈধ গাঞ্জাসহ তিনি জন লোকক আটক

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত মাজগাঁৱত আৰক্ষীয়ে গাঞ্জাসহ তিনিজন লোকক আটক কৰিছে ৷

জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত মাজগাঁও পেট্ৰোল ডিপোৰ সন্মুখত অভিযান চলাই গাঞ্জাসহ লোক তিনিজনক আটক কৰে ৷

আৰক্ষীয়ে ব্যৱসায়ী তিনিজনে উত্তৰ শালমাৰাৰ ইক্ৰাবাৰীৰ পৰা বঙাইগাঁৱলৈ গাঞ্জাখিনি যোগান ধৰাৰ উদ্দেশ্যে কঢ়িয়াই আনি থকাৰ সময়তে আটক কৰে ৷

আটকাধীন তিনি জন লোক হ’ল ইক্ৰাবাৰীৰ উৎপল দাস, বিশ্বজিৎ দাস আৰু ভবানীপুৰৰ প্ৰেম কুমাৰ সৰকাৰ ৷

আৰক্ষীয়ে লোক তিনিজনে বেগৰ ভিতৰত অনা ১৫ কিলো ৩০০ গ্ৰাম গাঞ্জা, এখন এ এছ ১৯ ০৫৩৮২ নম্বৰৰ স্কুটী আৰু তিনিটা মোবাইল ফোন জব্দ কৰে ৷

আৰক্ষীয়ে পিচত তিনিওজনকে বঙাইগাঁও থানালৈ আনি অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷