অৰুণাচল প্ৰদেশৰ মেও অঞ্চলত অব্যাহত থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ অংশস্বৰূপে সেনা-আৰক্ষীৰ জালত পৰিছে তিনিজনকৈ দুধৰ্ষ উগ্ৰপন্থী সদস্য।
সেনা আৰু আৰক্ষীৰ যুটীয়া সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিগত ৪ চেপ্তেম্বৰ তাৰিখে সেনা বাহিনী, চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীয়ে এমপেন গাঁৱৰ পৰা ৱাংমণ খিমণ (২৭) নামৰ এজন নগা উগ্ৰপন্থী সদস্যক আটক কৰাৰ পাছত যোৱা দেওবাৰে পুনৰ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মেও আৰক্ষী থানাৰ অন্তৰ্গত এমপেনত ১৪ নং ৰাজপুত ৰেজিমেণ্ট, ১৭১ নং চি আৰ পি এফ আৰু অৰুণাচল আৰক্ষীয়ে অভিযান চলাই পুনৰ দুজন উগ্ৰপন্থী সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।
ধৃত উগ্ৰপন্থী কেইজন এন এচ চি এন (কে)ৰ সদস্য বুলি জানিব পৰা গৈছে। সদস্য কেইজনৰ নাম ৰঞ্জন চাকমা আৰু কমল চাকমা।
উল্লেখ যোগ্য যে, অসম আৰু অৰুণাচল প্ৰদেশত কূটাঘাতৰ লক্ষ্যৰে ম্যানমাৰৰ পৰা উগ্ৰপন্থীৰ এটা দল আহি থকা বুলি লাভ কৰা খবৰৰ ভিত্তিত চি আৰ পি এফ, সেনা আৰু অৰুণাচল আৰক্ষীয়ে এই আটাইকেইজন উগ্ৰপন্থী সদস্যক বিচাৰি প্ৰায় ৬ দিন ধৰি অভিযান চলাই অৱশেষত বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
ইপিনে, এই উগ্ৰপন্থী সদস্য কেইজনে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ মেও অঞ্চলত এন এচ চি এন (কে)ৰ নামত বিভিন্ন সময়ত ধন দাবী কৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
সদস্য কেইজনৰ পৰা আটক কৰাৰ সময়ত এটা এম ২২ পিস্তল, ৯টা মেগজিন, ২৩৯ জাঁই সজীৱ গুলি, এটা চাইনীজ গ্ৰেণেড, এটা ৱাৰলেছ ছেট, এটা ৱাৰলেছ ছাৰ্জাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ধৃত উগ্ৰপন্থী সদস্য কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৮৪/৩৪ আই পি চি ধাৰা, আৰ ডব্লিউ চেকছন ২৫(১-এ)/২৭ এক্ট আৰু ইউ পি এ এক্ট ১০/১৩ ৰ অধীনত মেও থানাত ১৩/২০২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি সেনাই তদন্ত অব্যাহত ৰাখিছে।