NORTHEAST NOW (Assamese)

নুমলীগড়ৰ দেওপাহাৰ অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দুই অভিযন্তাকে ধৰি ৩ জন

October 6, 2024 11:50 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

গোলাঘাট জিলাৰ নুমলীগড়ত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।

নুমলীগড়ৰ দেওপাহাৰ অঞ্চলৰ সমীপৱৰ্তী ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন টাটা TIAGO বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত জড়িত বাহনখনৰ পঞ্জীয়ন নম্বৰ AS19P9506।

দুৰ্ঘটনাটোত থিতাতে নিহত লোক তিনিজনক ক্ৰমে নগাঁৱৰ দেৱজিৎ বৰদলৈ, জাগীৰোডৰ পাৰ্থ প্ৰতীম বাংথাই আৰু মৰঙীৰ ৫ নং ৰংবঙৰ ঠিকাদাৰ বিৰিঞ্চি বৰা বুলি চিনাক্ত কৰা হৈছে।

নিহতৰ মাজৰ দেৱজিৎ বৰদলৈ আৰু পাৰ্থ প্ৰতীম বাংথাই NRLৰ PKC নামৰ ঠিকা প্ৰতিষ্ঠানটোৰ অভিযন্তা আছিল।

আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ভৃগু শৰ্মা নামৰ লোকজনক স্থানীয় হাস্পাতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে বাহনখন নুমলীগড়ৰ পৰা এন আৰ এল অভিমুখে গৈ আছিল।

স্থানীয় আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ তিনিটা উদ্ধাৰ কৰাৰ লগতে আহত ব্যক্তিজনক স্থানীয় হাস্পতালত প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। 

Related News