NORTHEAST NOW (Assamese)

টীয়কত হাতী দাঁতসহ তিনি অনলাইন জুৱাৰীক গ্ৰেপ্তাৰ

June 3, 2021 7:40 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰিলে হাতী দাঁত সহ তিনিজনক ।
টীয়কৰ মেলেং মধুপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা লোক তিনিজন ক্ৰমে অচিন্ত্য বৰা,হৰেণ বৰা আৰু দিপু দাস ।

আৰক্ষীয়ে লোকেইজনৰ ঘৰত হাতী দাঁত মজুত থকাৰ তথ্য লাভ কৰাৰ উপৰি অন লাইন জুৱা খেলৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰি অভিযান চলোৱা সময়ত গ্ৰেপ্তাৰ কৰে তিনিজনক ।
আই পি এল জুৱা খেলাৰ অভিযোগতো অভিযোগ আছে  তিনিওজনৰ বিৰুদ্ধে।

ইতিমধ্যে আৰক্ষীয়ে তিনিজন অভিযুক্তৰ পৰা হাতীৰ দাঁতৰ উপৰি নগদ ১৮,৩৩০ টকা, অন লাইন জুৱাত ব্যৱহৃত তিনিটা ম’বাইল ফোনো জব্দ কৰি 354/21 নম্বৰত গোচৰ ৰুজু কৰিছে আৰু তিনিও জনকে যোৰহাটৰ আদলতত হাজিৰ কৰাইছে।

Related News