বোকাখাতৰ তিনিজন দিল্লীত ক’ভিড-১৯ আক্ৰান্ত

Healthcare workes to go for home visit in Golaghat from 7 May

বোকাখাতৰ ম’হমাইকী গাঁৱৰ পৰা দিল্লীলৈ চিকিৎসাৰ বাবে গৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা দম্পতিহালৰ লগত যোৱা একেখন গাঁৱৰে যুৱক এজনৰ শৰীৰতো ক’ভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে৷

বোকাখাতৰ দম্পতিৰ শৰীৰত ক’ভিড-১৯ পোৱাৰ পাছত তেওঁলোকৰ লগত যোৱা যুৱকজনৰো ক’ভিড-১৯ৰ পৰীক্ষা কৰা হয়৷

আজি বিয়লি এই পৰীক্ষাৰ প্ৰতিবেদন দিয়া হয়৷ এই প্ৰতিবেদন মতে যুৱকজনৰ শৰীৰতো ক’ভিড-১৯ ৰ সংক্ৰমণ ধৰা পৰিছে৷

সম্প্ৰতি যুৱকজন দম্পত্তিহালৰ লগতে দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচেলিটি হস্পিতালৰ আইচ’লেশ্বন ৱাৰ্ডতে আছে|

লকডাউনৰ পূৰ্বেই যুৱকজন দম্পত্তিহালৰ লগত দিল্লীলৈ গৈছিল৷

দিল্লীত তেওঁলোকে কৰ্কট ৰোগৰ চিকিৎসা কৰিবৰ বাবে যাৱতীয় পৰীক্ষা কৰোতে দম্পতিহালৰ শৰীৰত ক’ভিড-১৯ সংক্ৰমণ ধৰা পৰাত ডাক্তৰে যুৱকজনৰো কভিড-১৯ৰ পৰীক্ষা কৰায়৷