NORTHEAST NOW (Assamese)

তামুলপুৰত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ পিতৃ-মাতৃসহ শিশু কন্যা

October 10, 2021 10:12 am · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

বাক্সাৰ তামুলপুৰ-নাগ্ৰীজুলি পথৰ সৌৰাগুৰিত পুৱা প্ৰায় ৪-০০ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় প্ৰাত:ভ্ৰমণলৈ অহা এহাল পিতৃ-মাতৃ আৰু তেওঁলোকৰ এটি কন্যা সন্তান।

পথ দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় বাৰাঙ্গাবাৰী গাঁওৰ ৫৫ বছৰীয়া উখাং বড়ো, তেওঁৰ পত্নী ৫৫ বছৰীয়া দীপিকা বড়ো আৰু তেওঁলোকৰ চাৰি বছৰীয়া কন্যা সন্তান পূৰ্ণিমা বড়ো।

আহত লোক কেইগৰাকীক প্ৰাত:ভ্ৰমণলৈ অহা অন্য লোকে উদ্ধাৰ কৰি    তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত গুৰুতৰভাৱে আহত তিনিওজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।

পথ দুৰ্ঘটনা সংঘটিত কৰা AS-25-DC- 2885 নম্বৰৰ ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে।

ঘটনা সংঘটিত হোৱাৰ পাছতে ডাম্পাৰৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্যত চৰম নিৰাপত্তাহীনতাত ভুগিছে পথচাৰী আৰু সৰ্বসাধাৰণ ৰাইজ। সেয়ে, ট্ৰাক -ডাম্পাৰক নিয়ন্ত্ৰণ কৰাৰ দাবী জনাইছে ৰাইজে। 

Related News