বৰপেটাত বৃহৎ পৰিমানৰ বাঘৰ হাড়, ছাল সহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী

বন্যপ্ৰাণী সংক্ৰান্ত অপৰাধৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত বৰপেটা জিলাত চোৰাং চিকাৰী বুলি সন্দেহ কৰা তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ বাঘৰ ছাল আৰু হাড় জব্দ কৰা হয়।

মানস ব্যাঘ্ৰ প্ৰকল্পৰ বন বিষয়াসকলে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ লাবডাংগুৰিত অভিযান চলাইছিল।

অভিযানৰ সময়ত বিষয়াসকলে অভিযুক্তৰ জিম্মাৰ পৰা প্ৰায় ৮ কেজি বাঘৰ ছাল আৰু হাড় উদ্ধাৰ কৰে।

লগতে পঢ়ক: কৰ্ণাটকৰ ৰোড শ্ব’ত প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি মোবাইল নিক্ষেপ! কথমপি আঘাতৰ পৰা ৰক্ষা পৰিল মোডী

সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা বাঘৰ ছাল আৰু হাড়ৰ আনুমানিক আন্তঃৰাষ্ট্ৰীয় মূল্য ২০ লাখ টকাৰ ওপৰত হ’ব।

গ্ৰেপ্তাৰ কৰা লোককেইজনক বলেন্দ্ৰ গয়াৰী, মুনীন্দ্ৰ বসুমতাৰী, আৰু ডিম্বে গয়াৰী বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰখা হৈছে।

লগতে পঢ়ক: আজি ১ মে : আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস; কিয় পালন কৰা হয় এই দিৱস?

তেওঁলোকে কেনেকৈ জন্তুৰ অংগসমূহ পাইছিল সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও এক সূত্ৰই জনাইছে যে তেওঁলোক চোৰাং চিকাৰ সম্পৰ্কীয় কাম-কাজত জড়িত আছিল।