অভয়াকুটিৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান: তিনি বলাৎকাৰীক মৃত্যুদণ্ড

কোকৰাঝাৰত ৰাজ্য জোকাৰি যোৱা অভয়াকুটিৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান  ৷

তিনি অভিযুক্তক দোষী সাব্যস্ত কৰাৰ পিছত আজি আদালতে শাস্তি ঘোষণা কৰে। বিভৎস কাণ্ডত জড়িত তিনি অভিযুক্তকে আজি কোকৰাঝাৰৰ জিলা সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে মৃত্যুদণ্ড বিহে।

কোকৰাঝাৰ জিলাৰ অভয়াকুটি গাঁৱত  বিগত ২০২১ চনৰ ১১ জুনত একেখন গাঁৱৰে দুই জনজাতি কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি পৈপাশিক ভাৱে  হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে জোকাৰণিৰ সৃষ্টি কৰিছিল।

৯ মাহৰ মূৰকত কোকৰাঝাৰৰ জিলা সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে অভয়াকুটি কাণ্ডৰ অভিযুক্ত তিনি বলাৎকাৰীক ঐতিহাসিক ৰায়দানৰে শাস্তি বিহে৷ মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধী কেইজন হ’ল ক্ৰমে ফৰিজুল ৰহমান, মোজাম্মেল শ্বেখ আৰু নাজিবুল আলি ৷

কোকৰাঝাৰ সদৰ থানাত ৪৪০/২১ মৰ্মে ৰুজু হোৱা গোচৰ সংক্ৰান্তত কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ চি চৰ্তুবেদীয়ে  অভিয়ুক্ত তিনিজনকে ভাৰতীয় দণ্ডবিধি আইনৰ  120(B)/302/376(A)/376(D)/376D(A)IPC আৰু  R/W SEC 6 POCSO ACT লগতে R/W SEC 3(1)(W)/3(2)(5) SC/ST PREVENTION ACT 1981 ACT মৰ্মে দোষী সাৱস্ত্য কৰাৰ লগতে শাস্তি ঘোষণা কৰে ৷

উল্লেখ্য কোকৰাঝাৰ জিলাৰ অভয়াকুটি নামৰ দুৰ্গম গাঁও খনত ৰাভা সম্প্ৰদায়ৰ দুই সম্পৰ্কীয় ভগ্নীক ২০২১ চনৰ ১১ জুনত অভিযুক্ত তিনিজনে দলবদ্ধ ধৰ্ষণৰে হত্যা কৰি এডাল গছত ওলোমাই থৈছিল ৷

আনহাতে উক্ত ঘটনাৰ পিছতে ৰাজ্যজুৰি আলোড়ণৰ সৃষ্টি হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰি  বিশেষ তদন্তকাৰী গোট গঠনৰে তাৎক্ষণিক তদন্তৰ আশ্বাস দিছিল।