দেওবাৰে কলিকতাৰ মেনহ’লত পৰি মৃত্যু হয় ৩ জন শ্ৰমিকৰ। মেনহ’ল ছাফাইৰ বাবে গৈছিল উক্ত শ্ৰমিক কেইজন।
মৃত্যুৰ ৪ ঘন্টাৰ পিছত আৰক্ষীৰ সহযোগত শ্ৰমিক কেইজনক উদ্ধাৰকাৰীৰ দলে উদ্ধাৰ কৰে।
দেওবাৰে কলকাতা লেদাৰ কমপ্লেক্স এলেকাত সংঘটিত হয় এই ঘটনাৰ।
নিহত তিনিজন অনাময় কৰ্মীৰ নাম হৈছে ফৰ্জেম শ্বেখ, হাছি শ্বেখ আৰু সুমন চৰ্দাৰ। তেওঁলোকৰ ঘৰ মুৰ্ছিদাবাদ জিলাত বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত ঘটনাস্থলীত উপস্থিত হয় মেয়ৰ ফিৰহাদ হাকিম।
ঘটনাস্থলীত উপস্থিত হৈ মেয়ৰে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। প্ৰথম অৱস্থাত অনুমান কৰা হৈছে যে দুৰ্গন্ধৰ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবেই এই আটাইকেইজন লোকৰ মৃত্যু হৈছে।