জন্মু আৰু কাশ্মীৰত গ্ৰেণেড আক্ৰমণত আহত তিনি নিৰাপত্তাৰক্ষী জোৱান

67qec2o8_jk-grenade-attack-ani_625x300_23_December_20

জন্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ এক গ্ৰেণেড আক্ৰমণত আহত হৈছে তিনিগৰাকী নিৰাপত্তাৰক্ষী।

বুধবাৰে জন্মু আৰু কাশ্মীৰৰ গ্ৰেণ্ডাৰ্বেল অঞ্চলৰ ডুডাৰৰ্হামাত কৰ্তব্যৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে সন্ত্ৰাসবাদীয়ে।

এই গ্ৰেণেড আক্ৰমণত তিনিজন নিৰাপত্তাৰী জোৱান আহত হৈছে। অৱশ্যে তিনিও জোৱানৰ আঘাত গুৰুতৰ নহয় বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আহত তিনিওজন জোৱানকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

“সন্ত্ৰাসবাদীৰ গ্ৰেণেণ্ড আক্ৰমণত তিনিজন চিআৰপিএফ জোৱান সামান্যভাৱে আহত হৈছে।” জ্যেষ্ঠ আৰক্ষী বিষয়া খলিল পোছৱালে এনআইএক কয়।