কৰ’না ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ যুঁজ; দেশত ৩টা ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি লাভ

552059-vaccine

ফটো সৌজন্য: জি নিউজ

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আতংক দূৰ কৰিবলৈ তথা কৰ’নাৰ বিৰুদ্ধে যুঁজত জয়ী হ’বলৈ ভাৰতে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।

দেশৰ তিনিটা বৃহৎ ঔষধ নিৰ্মাতা কোম্পানীয়ে কৰ’না ভাইৰাছৰ ভেকচিন তৈয়াৰ কৰিছে। তদুপৰি, গুৰুত্বপূৰ্ণ কথাটো হৈছে এই তিনিওটা ভেকচিনেই ভাৰতত ক্লিনিকেল ট্ৰায়েলৰ বাবে অনুমতি লাভ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে কোম্পানী তিনিটাক যুদ্ধকালীনভাৱে ভেকচিন তৈয়াৰ কৰিবলৈ আহ্বান জনাইছিল।

বাতৰি অনুসৰি, ড্ৰাগ কন্ট্ৰ’লাৰ অফ ইণ্ডিয়াই জানিবলৈ দিয়া মতে বিগত সপ্তাহতে কেন্দ্ৰীয় চৰকাৰে দেশৰ তিনিটা ঔষধ নিৰ্মাতা কোম্পানীক কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলগীয়া ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলৰ অনুমতি প্ৰদান কৰিছে।

কোম্পানী কেইটাক জৰুৰীকালীনভাৱে ভেকচিন তৈয়াৰ কৰিবলৈ কোৱা হৈছে যাতে যিমান পাৰি সোনকালে কৰ’না আক্ৰান লোকক বচাব পৰা যায়।

বিষয়টোৰ জড়িত এগৰাকী বিষয়াই জানিবলৈ দিয়ে যে ভাৰতীয় কোম্পানী গ্লেনমাৰ্ক, কেডিলা হেলথ্কেয়াৰ আৰু ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন তৈয়াৰ কৰিছে।

কোম্পানী তিনিটাৰ ভেকচিন প্ৰাথমিক পৰীক্ষাত কৰ’না ভাইৰাছৰ বিৰুদ্ধে যথেষ্ট প্ৰভাৱশালী বুলি কোৱা হৈছে। এতিয়া কোম্পানীকেইটাক দেশৰ হাস্পাতলক আগত ৰাখি অই ভেকচিন ৰোগীৰ দেহত ব্যৱহাৰ কৰি চাবলৈ কোৱা হৈছে। সুৰক্ষা বিষয়ত সফল দৰৱক দেশত ভেকচিন বনাবলৈ অনুমতি দিয়া হ’ব।

বাতৰি অনুসৰি, ছেৰেমএ অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটিত তৈয়াৰ কৰা ভেকচিন ChAdOx1ৰেই ভাৰতত ক্লিনিকেল ট্ৰায়েল চলাব। গ্লেনমাৰ্কে Favipiravir নামৰ এবিধ দৰৱ তৈয়াৰ কৰিছে।

সেইদৰে কেডিলা হেলথকেয়াৰেও এই ভাইৰাছৰ বিৰুদ্ধে alfa-2b নামেৰে এটা ভেকচিন তৈয়াৰ কৰিছে। চলিত সপ্তাহতে এই আটাইকেইটা ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰা হ’ব আশা কৰা হৈছে।