বোকাখাতত নৈশ বাছৰ পৰা পিষ্টলসহ তিনিজন যুৱকক আটক সেনাৰ

Bokakhat Army apprehended

ফটো : নৰ্থ-ইষ্ট নাও

বৃহস্পতিবাৰে নিশা বোকাখাতত সেনা বাহিনীৰ এটা দলে অতৰ্কিতে এক অভিযান চলায় অস্ত্ৰ-সস্ত্ৰৰ সৈতে তিনিজন যুৱকক আটক কৰে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে সেনাৰ দলটোৱে নিশা মেৰাপানীৰ পৰা গুৱাহাটীলৈ বুলি অহা নৈশ বাছত তালাচী চলায় যুৱক তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

ধৃত যুৱক কেইজনৰ পৰা অভিযানকাৰী দলটোৱে এটা পিষ্টল আৰু কেইবা জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। আটকাধীন যুৱককেইজন গোৱালপাৰাৰ চান্থানিকা মাৰাক, মাৰিয়ুচ কে চাংমা আৰু ৰুবিন ৰাভা বুলি চিনাক্ত কৰিছে।

বোকাখাত নগৰত গাড়ী ৰখাই আটক কৰা যুৱক কেইজনক পাছত বোকাখাত আৰক্ষী থানালৈ লৈ আনে। থানাত বোকাখাতৰ আৰক্ষী বিষয়াৰ উপস্থিতিত ঘটনা পঞ্জীয়ন কৰি ধৃত যুৱক কেইজনক নিশাই বাগৰিত থকা সেনা চাউনিলৈ লৈ যায়।

অভিযানৰ নেতৃত্ব দিয়া তেজপুৰৰ ফ’ৰ ক’ৰৰ বাগৰিত থকা সেনা বাহিনীৰ দলটোৱে তদন্তৰ স্বাৰ্থত ঘটনা সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে। তদন্তৰ অন্ততহে সকলো কথা সংবাদ মাধ্যমক জনাব বুলি কয়।

ইফালে ঘটনাৰ বিষয়ে সবিশেষ জানিবলৈ বোকাখাত আৰক্ষীৰ সৈতে সাংবাদিকে যোগাযোগ কৰিছিল যদিও বোকাখাত আৰক্ষীয়েও ঘটনাৰ সবিশেষ ব্যক্ত কৰাৰ পৰা দূৰত থাকে।