গোৱালপাৰাৰ পৰা IED-ৰ সৈতে তিনিজন যুৱকক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ; ISIS-ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ

IED Goalpara_Youths

দিল্লী আৰক্ষীৰ বিশেষ চেলে ২৪ নৱেম্বৰত বিশেষ সূত্ৰৰ পম খেদি অসম আৰক্ষীৰ সহযোগত অসমৰ গোৱালপাৰাৰ পৰা সন্ত্ৰাসবাদী কাৰ্য্যকলাপত জড়িত থকাৰ সন্দেহত তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ হোৱা যুৱককেইজনৰ নাম জামিউল জামাল, মোকাদ্দেছ ইছলাম আৰু ৰঞ্জিত আলী আৰু আটাইকেইজনৰ বয়স ২৫ বছৰৰ ওচৰে-পাঁজৰে। তেওঁলোক ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISIS-ৰ দ্বাৰা অনুপ্ৰাণিত বুলি দিল্লী আৰক্ষীৰ উপ আয়ুক্ত প্ৰমোদ কুশৱাহাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে।

তিনিওজনৰ পৰা আৰক্ষীয়ে বিস্ফোৰণৰ বাবে সাজু কৰা এটা IED জব্দ কৰাৰ উপৰি টাইমাৰ, এক কেজি বিস্ফোৰক আৰু IED বনোৱা সৰঞ্জাম লাভ কৰিছে।

প্ৰাথমিক তদন্তৰ পৰা পোৱা বুলি প্ৰমোদ কুশৱাহাই জানিবলৈ দি কয় যে তিনিওজন আইছিছৰ দ্বাৰা অনুপ্ৰাণিত আছিল আৰু তেওঁলোকে আইছিছৰ আই ই ডি নিৰ্মাণৰ ভিডিঅ’ চাই আই ই ডি নিৰ্মাণ কৰিছিল। তিনিওজনকে আজি আদালতত হাজিৰ কৰোৱা হয়।

যুৱককেইজন কোন সংগঠনৰ সৈতে জড়িত সেইটো তদন্তৰ পিছতহে স্পষ্টকৈ ক’ব পৰা যাব আৰু এতিয়াই কোৱাটো আগতীয়া হ’ব বুলি আৰক্ষী বিষয়াজনৰ মন্তব্য।

দ্বাদশ উত্তীৰ্ণ জামিউল জামালে আধাৰ কাৰ্ড এনৰ’লমেণ্ট চেণ্টাৰত কাম কৰে। মোকাদ্দেছ ইছলাম এজন ড্ৰাইভাৰ।

আৰক্ষীৰ ভাষ্য মতে, গোৱালপাৰাত বিস্ফোৰণত সফল হ’লে তেওঁলোকে দিল্লীত একেই ধৰণৰ বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল।

তিনিওজনকে দিল্লী আৰক্ষীৰ বিশেষ চেলৰ সহকাৰী আয়ুক্ত ললিত মোহন নেগীয়ে জেৰা কৰি আছে।