ইজনৰ পিছত সিজনকৈ আলফালৈ গৈছে অসমীয়া যুৱক; ওদালগুৰিৰ তিনিজনৰ আলফা (স্বাঃ)ত যোগদান

-Flag_of_United_Liberation_Front_of_Asom.svg_

ৰাজ্যত এক অশান্তিকৰ ৰাজনৈতিক বাতাবৰণ চলি থকাৰ সময়তে অসমৰ বহু যুৱকে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বাঃ))ত যোগ দিয়া খবৰে অস্বস্তিত পেলাইছে আৰক্ষী প্ৰশাসনক। শেহতীয়াকৈ ওদালগুৰি জিলাৰ তিনিজন যুৱকে সংগঠনটোত যোগদানৰ বাবে যোৱা বুলি খবৰ পোৱা গৈছে।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে ওদালগুৰি আৰক্ষীয়ে বহিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত বৰেংগাবাৰী গাঁৱৰ পৰা বলেন ডেকা(৩৫) আৰু দিম্বেশ্বৰ ডেকা(৩২) নামৰ দুজন আলফা (স্বাঃ))ৰ সক্ৰিয় সদস্যক আটক কৰিছিল। আৰু আৰক্ষীৰ জেৰাৰ সময়ত তেওঁলোকে ওদালগুৰি জিলাৰ পৰা তিনিজন যুৱক আলফা (স্বাঃ))ত যোগদান কৰা বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে।

আটকাধীন বলেন ডেকা আৰু দিম্বেশ্বৰ ডেকাৰ সম্পূৰ্ণ সহযোগতে জিলাখনৰ এই তিনিজন যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা বুলিও আৰক্ষীৰ জেৰাত সদস্য দুজনে প্ৰকাশ কৰে।

এই তথ্য পোহৰলৈ অহাৰ পাছতে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে আজি কিছুদিন পূৰ্বৰ পৰা নিৰুদ্দেশ হৈ থকা জিলাখনৰ সুশান্ত নাথ, জয়ন্ত ডেকা আৰু ধনজিৎ ডেকা নামৰ তিনিজন যুৱকে উগ্ৰপন্থী সংগঠনটোত যোগদান কৰা বুলি আটকাধীন সদস্য দুজনে কৰা স্বীকাৰোক্তিৰ ভিত্তিতে আমি এই কথা সত্য বুলি সন্দেহ প্ৰকাশ কৰিছো।

আনহাতে জিলাখনৰ বহু যুৱকে কৰ্মৰ সন্ধানত ভাৰতৰ বিভিন্ন ৰাজ্যলৈ যাম বুলি কৈ পৰিয়াল তথা বন্ধুৰ সৈতে কোনো সম্পৰ্ক স্থাপন নকৰি নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত হৈ যোৱাৰো সন্দেহ ব্যক্ত কৰিছে জিলা আৰক্ষী প্ৰশাসনে।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে গোলাঘাট জিলাৰ দেৰগাৱঁৰ এজন তৰুণ যুৱক তথা ছাত্ৰ সংগঠনৰ নেতাই আলফা (স্বাঃ)ত যোগদান কৰা বিষয়টোৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ এনেদৰে আলফা (স্বাঃ)ত যোগদান কৰা খবৰে সচেতন মহলৰ মাজত এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।