নাগৰিকত্ব বিধেয়কৰ জৰিয়তে বিজেপিয়ে অসম চুক্তিক ডাষ্টবিনত নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে : অজিত ভূঞা

Margherita

‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে অসম চুক্তিক ডাষ্টবিনত নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে।’ এই মন্তব্য বিশিষ্ট সাংবাদিক, প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ। আজি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বিংশতিতম দ্বি-বাৰ্ষিক মাৰ্ঘেৰিটা অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

সভাত তেওঁ বিজেপি চৰকাৰে বিধেয়কখনৰ জৰিয়তে অসম আৰু অসমীয়াক চূড়ান্তভাৱে বিশ্বাসঘাটকতা কৰিছে বুলি মন্তব্য কৰি কয় যে পুঁজিবাদৰ চৰিত্ৰ লোৱা বৰ্তমানৰ বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত হৈ শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছে।

অসমত সাংবাদিকতা বহু সীমাবদ্ধতা আৰু প্ৰত্যাহ্বানৰ মাজেৰে ব্ৰতী আছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে সাংবাদিকতা নিৰপেক্ষ নহয়, ই ৰাইজৰ পক্ষত। সাংবাদিকতাই এই চৰিত্ৰ বৰ্তাই ৰাখিব পৰিলেহে প্ৰকৃততে দেশ আৰু জাতি উপকৃত হ’ব বুলি তেওঁ কয়।

মুখ্য অতিথি হিচাপে উপস্থিত থকা অজিত ভূঞাক আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছাকে ধৰি বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

আজিৰ সভাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপত্ৰ ‘সীমান্ত’ আৰু জিলা সাংবাদিক সন্থাৰ আলোচনী ‘জনধ্বনি’ উন্মোচন কৰা হয়। ইয়াৰ উপৰি জিলা সাংবাদিক সন্থাই পোন প্ৰথম বাৰৰ বাবে আগবঢ়োৱা বিশিষ্ট সাংবাদিক প্ৰয়াত ভদ্ৰকৃষ্ণ গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সোণাৰিৰ সাংবাদিক সূৰ্য বৰাক প্ৰদান কৰা হয়। এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, চেলেং চাদৰ, ফুলাম গামোচাৰ আৰু নগদ দহ হাজাৰ টকা।

তদুপৰি অনুষ্ঠানটোত জিলাখনৰ ১৪ গৰাকী সামাজিক, সাংস্কৃতিক, সাহিত্য, ক্ৰীড়া, কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে পোৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। এই শোভাযাত্ৰাত চিংফৌ, টাই ফাকে, টাই খামিয়াং, উৰিয়া, মৰাণ, সোণোৱাল কছাৰী, ঝুমুইৰ নৃত্য, গায়ন-বায়ন, বিহুকে ধৰি মুঠ ৩২টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।

ইফালে কালি মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ সভাকক্ষত জিলা সাংবাদিক সন্থাৰ বহু প্ৰত্যাশিত প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। নিশা প্ৰায় দহ বজালৈকে চলা উক্ত সভাই ড০ ঋষি দাসক সভাপতি, ৰাণাজ্যোতি নেওগক সাধাৰণ সম্পাদক, পৰাগ ভূঞাক উপ-সভাপতি আৰু দীনেশ গোয়েলক কোষাধ্যক্ষ হিচাপে লৈ ১৯ জনীয়া জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰে।