কংগ্ৰেছতো বিদ্ৰোহৰ উকমুকনি; গুৱাহাটী সমষ্টিৰ টিকট প্ৰত্যাশীৰ বিষোদগাৰ নেতৃত্বৰ বিৰুদ্ধে

ধনৰ লেনদেন হোৱাৰ সন্দেহ প্ৰকাশ বলীন বৰদলৈ আৰু দ্বিজন শৰ্মাৰ

Bolin Dwijen

বিজেপিৰ দৰেই কংগ্ৰেছতো এইবাৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিদ্ৰোহৰ উকমুকনি দেখা গৈছে। দলটোৱে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে আজি দুজনকৈ জ্যেষ্ঠ নেতাই ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ কৰিছে।

গুৱাহাটী সমষ্টিৰ পৰা টিকট আশা কৰি থকা বলীন বৰদলৈয়ে আজি ববিতা শৰ্মাইহে প্ৰাৰ্থিত্ব পোৱা বুলি নিশ্চিত হোৱাৰ পিছতে গুৱাহাটীৰ নিজা বাসভৱনত সংবাদ মাধ্যমৰ আগত তেওঁক দলটোৱে বঞ্চনা কৰাৰ অভিযোগ আনিছে।

“কিয় বঞ্চিত কৰিলে” বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ইয়াত ধনৰ অংক থাকিব পাৰে বুলি কৈ এয়া তেওঁৰ সন্দেহহে, নিশ্চিতকৈ নাজানে বুলি মন্তব্য কৰে।

“বঞ্চিত কিয় হ’লো ক’বলৈ টান। তথাপিও এনেকুৱা লাগে যেন পইচাৰ ক্ষেত্ৰত তেনেকুৱা এটা হ’ব পাৰে ক’ৰবাত। একেবাৰে ডাঠি ক’ব নোৱাৰো। মোক ছোনিয়া গান্ধী আৰু ড০ মনমোহন সিঙে যেতিয়া কৈছিল যে তোৰ টিকটৰ কাৰণে চিন্তা কৰিব নালাগে সেই কাৰণে মোৰ সন্দেহ হয়।”

২০০১ চনৰ পৰা টিকট বিচাৰি ভাগৰি পৰা বুলি নিজৰ হতাশা মুকলিকৈ প্ৰকাশ কৰে বৰদলৈয়ে।

“প্ৰথম কথা মোৰ বৰ দুখ লাগিল। কাৰণ আজি ১১ মাহ ধৰি গোটেই লোকসভা সমষ্টিতে ঘূৰি আছিলো। ৰাইজৰ পৰা যিখিনি সঁহাৰি তথা আশীৰ্বাদ পাইছিলো, টিকট নাপাম বুলি কেতিয়াও সপোনতো ভবা নাছিলো। সকলোতকৈ দুখৰ কথা তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনৰ টিকট বিচাৰিছিলো”, বৰদলৈৰ আক্ষেপ।

একেদৰে দিল্লীত বাহৰ পাতি থকা আৰু টিকটৰ পৰা বঞ্চিত হোৱা দলটোৰ আন এজন নেতা দ্বিজেন শৰ্মায়ো মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছে। তেৱোঁ টিকট দিয়াৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ আনে।

“আমি শুনিছো যে ধনৰ লেনদেন হৈছে। সঁচা-মিছা নাজানো। কিন্তু শুনিছো।” ক্ষুভিত শৰ্মাই কয়।

তেওঁ সমষ্টিলৈ কেতিয়াও গৈ নোপোৱা, বিধানসভা নিৰ্বাচনতো হৰা মানুহক টিকট দিয়া বুলি কটাক্ষ কৰে। অৱশ্যে ববিতা শৰ্মাৰ নাম পোনপটীয়াকৈ ক’বলৈ অস্বীকাৰ কৰে। “মই ববিতা শৰ্মা বা কোনো বুলি কোৱা নাই। আৰু মানুহক দিছে।”  দ্বিজেন শৰ্মাই কয়।

শৰ্মাই নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয়, “যিসকল জ্যেষ্ঠ কংগ্ৰেছী, যিসকলে কংগ্ৰেছৰ বাবে ত্যাগ স্বীকাৰ কৰিছে তথা কংগ্ৰেছৰ হকে কাম কৰি আছে সেইসকলকে দলীয় টিকটৰ পৰা বঞ্চিত কৰা হৈছে।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তেওঁক মঙলদৈত টিকট দিয়া হ’ব বুলি আৰু নিৰ্বাচন খেলিবৰ বাবে ধনৰ যোগাৰ কৰিবলৈ কৈও পিছত বঞ্চিত কৰা বুলি অভিযোগ কৰি শৰ্মাই।

“প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কৈছিল যে আপোনাৰ টিকট নিশ্চিত, আপুনি কেৱল পইচা যোগাৰ কৰক। কিন্তু কেইদিন মানৰ পৰা তেওঁ এইটো কথাৰ পৰা আঁতৰি আহিল। তাৰ পাছত মই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা টিকট বিচাৰিছিলো। তাৰ পৰাও মোক বিবেচনা নকৰিলে।” ৰিপুণ বৰাৰ দুতলীয়া কথাত ক্ষোভ প্ৰকাশ কৰি শৰ্মাই কয়।

দলটোৱে আজি বাকী থকা ৪টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰে। বহু প্ৰত্যাশিত গুৱাহাটী লোকসভা সমষ্টিত ববিতা শৰ্মাক টিকট দিয়ে দলটোৱে। বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত ক্ৰমে, আব্দুল খালেক, আবু তাহেৰ বেপাৰী আৰু শব্দ ৰাম ৰাভাক টিকট দিছে।