কাজিৰঙাৰ কহঁৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ; প্ৰতিদ্বন্দ্বিৰ সৈতে হোৱা যুঁজত মৃত্যু 

Kaziranga Tiger story

কাজিৰঙা ৰাষ্ট্ৰীয় বনাঞ্চলত উদ্ধাৰ হোৱা বাঘটো

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ লেংটাজান বন শিৱিৰ এলেকাৰ চিৰাখোৱা ডুবিৰ পাৰত শুকুৰবাৰে এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়৷

কৰ্মৰত বনকৰ্মীয়ে বাঘটোৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছত ৰাতিপুৱাই বাঘটোৰ মৃত্যুৰ কাৰণ আৰু মৰোনোত্তৰ পৰীক্ষাৰ বাবে ঘটনাস্থলীত বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াৰ নেতৃত্বত এটা দল উপস্থিত হয়৷

বিভাগীয় পশু চিকিৎসক দেৱমোহন শইকীয়া, ডা৹ চামচুল আলী আৰু গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকাৰীৰ প্ৰতিনিধিও দলটোত সৈতে উপস্থিত থাকে৷

চিৰাখোৱা ডুবিৰ পৰা মাত্ৰ কেইমিটাৰমান আতৰত এজোপা গছৰ তলত পৰি থকা মৃত ঢেকীয়াপতীয়া বাঘটো পৰীক্ষাৰ অন্তত তিনি বছৰ বয়সৰ এজনী পোৱালী মাইকী বাঘ বুলি নিশ্চিত কৰে পশু চিকিৎসকে৷

আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পাছত বাঘিনীজনী প্ৰতিদ্বন্দ্বিৰৈ সৈতে হোৱা যুঁজত মৃত্যু হোৱা বুলি পশু চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে৷

তদুপৰি, ঢেকীয়াপতীয়া বাঘজনীৰ শৰীৰৰ নমুনা ফৰেণচিক লেবৰটৰীত পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হয়৷

মৰণোত্তৰ পৰীক্ষাৰ শেষত ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণৰ নিৰ্দেশমতে বিভাগীয়া বন বিষয়া, কৰ্মীসকলৰ উপস্থিতিত মৃত বাঘিনীজনীক বনাঞ্চলতে দাহ কৰা হয়৷