নাগপুৰলৈ অবৈধভাৱে সৰবৰাহৰ চেষ্টা অসমৰ হাবিৰ চেগুন কাঠ, বইটামাৰীত জব্দ

বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত বহি:ৰাজ্যলৈ চোৰাং ভাৱে বৃহৎ পৰিমাণৰ মূল্যৱান চেগুন কাঠ কঢ়িয়াই নিয়াৰ পথত আৰক্ষীয়ে এখন ট্ৰাক জব্দ কৰে ।

 বইটামাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত তালগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এক অভিযান চলাই আৰ জে ১৪ জি জে ৫৬৭০ নম্বৰৰ দহচকীয়া ট্ৰাক এখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক আৰক্ষী চকীলৈ লৈ আহে ।

পিছত ট্ৰাকখনত তালাচী চলোৱাত বৃহৎ সংখ্যক চেগুণ কাঠ উদ্ধাৰ হয় । ধানৰ তুহঁগুৰিৰ কিছু বস্তাৰ লগতে এই বৃহৎ পৰিমাণৰ কাঠখিনি সৰবৰাহ কৰিছিল ।

আৰক্ষীয়ে জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য ১৪ লক্ষাধিক টকা হ’ব বুলি বন বিভাগ তথা আৰক্ষীয়ে জানিবলৈ দিছে ।

উল্লেখ্য যে, গুৱাহাটীৰ পৰা মহাৰাষ্ট্ৰৰ নাগপুৰলৈ ৬০০ বেগ তুহঁগুৰিৰ বস্তা সৰবৰাহ কৰাৰ চালান থকা ট্ৰাকখনত মাত্ৰ ২০-২৫ টা মান বস্তা দি বাকীখিনি চেগুণ কাঠৰ টুকুৰা ভৰ্ত্তি কৰি নাগপুৰলৈ ট্ৰাকখন ৰাওনা হৈছিল ।

বইটামাৰী আৰক্ষীয়ে এই খবৰ লাভ কৰি অভিযান চলাই কোনো ধৰণৰ বৈধ নথি-পত্ৰ নথকা কাঠখিনি জব্দ কৰাৰ লগতে ট্ৰাক চালক আৰু হেণ্ডিমেনক আটক কৰে ।

আটক কৰা চালক জন মহম্মদ নিজাব আৰু হেণ্ডিমেনজন ববী আলী বুলি জানিব পৰা গৈছে ।

দুয়োজনৰে ঘৰ উত্তৰ প্ৰদেশত । আৰক্ষীৰ অভিযানত এনেদৰে বৃহৎ পৰিমাণৰ মূল্যৱান কাঠ জব্দ হোৱাত অসমৰ পৰা যে বহিঃ ৰাজ্যলৈ অবৈধভাৱে কাঠৰ সৰবৰাহ হৈ আছে তাকে প্ৰমাণ কৰিলে ৷