মাৰ্ঘেৰিটাত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট; প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

IMG-20190826-WA0014

ফটো : নৰ্থ-ইষ্ট নাও

বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত আজি পুনৰ উত্তাল হৈ পৰে তিনিচুকীয়া জিলা। জিলাখনৰ মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী সকলে নামনি শোৱনশিৰি বৃহৎ জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনায়।

মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা ৰংগমঞ্চত ৰূপায়িত কৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বিভিন্ন ধৰ্ণা শ্ল’গানৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা, জিলা প্ৰচাৰ সম্পাদক দেৱজিত সোণাৰকে ধৰি কেইবাজনো নেতা-কৰ্মী উপস্থিত থাকে।

অন্যহাতে ধৰ্মঘট কাৰ্য্যসূচীৰ অন্তত তিনিচুকীয়া জিলা সমিতিৰ সুৰজিৎ মৰাণ, সভাপতি, ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগে দেশৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

পত্ৰৰ জৰিয়তে প্ৰাকৃতিক ৰম্যভূমি উত্তৰ-পূবত নিৰ্মাণৰত নামনি সোৱণশিৰি আৰু অৰুণাচলৰ দিবাং জলবিদ্যুৎ প্ৰকল্পৰ দৰে বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম বন্ধ কৰি জনসাধাৰণৰ জীৱন-সম্পত্তি সু-নিশ্চিত কৰাৰ লগতে অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন কৰে।

দাবী সমূহ শীঘ্ৰে পূৰণ নকৰিলে ধাৰাবাহিক তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হুংকাৰ দিয়ে৷