• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টাইটানিক চিনেমাৰ কেপ্তেইন স্মিথ, লৰ্ড অৱ দ্য ৰিংছৰ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2024 10:58 am
টাইটানিক চিনেমাৰ কেপ্তেইন স্মিথ, লৰ্ড অৱ দ্য ৰিংছৰ অভিনেতা বাৰ্নাৰ্ড হিলৰ দেহাৱসান
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হলিউডৰ ব্লকবাষ্টাৰ চিনেমাৰ কেপ্তেইন এডৱাৰ্ড স্মিথৰ কথা মনত আছেনে? তেওঁৰ প্ৰকৃত নাম বাৰ্নাৰ্ড হিল। তেওঁৰ দেহাৱসান ঘটিছে। বিশেষভাৱে ‘টাইটানিক’ আৰু ‘লৰ্ড অৱ দ্য ৰিংছ’ চিনেমাৰ বাবে বিখ্যাত আছিল অভিনেতাগৰাকী।

বাতৰি অনুসৰি, দেওবাৰে পুৱা ৭৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে তেওঁৰ প্ৰতিনিধি ল’ ক’লছনে।

দেওবাৰে পুৱাই অভিনেতা বাৰ্নাৰ্ড হিলৰ মৃত্যু হোৱাৰ কথা তেওঁ জানিবলৈ দিয়ে। অৱশ্যে মৃত্যুৰ কাৰণ প্ৰকাশ কৰা নাই। মৃত্যুৰ সময়ত তেওঁৰ লগত আছিল তেওঁৰ বাকদত্তা এলিছন আৰু পুত্ৰ গেব্ৰিয়েল।

লৰ্ড অৱ দ্য ৰিংছত বাৰ্নাৰ্ড হিল।

বাৰ্নাৰ্ড হিলৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে হলিউড। এক্স হেণ্ডেলত স্কটিছ গায়িকা বাৰ্বাৰা ডিক্সনে লিখিছে, ‘তেওঁ আছিল এজন অসাধাৰণ অভিনেতা। তেওঁৰ লগত কাম কৰাটো সঁচাকৈয়ে বেলেগ অনুভৱ আছিল। শান্তিৰে থাকক বেনি।‘

১৯৯৭ চনত মুক্তি পাইছিল অস্কাৰ বিজয়ী ছবি টাইটানিক। তাত বাৰ্নাৰ্ডে কেপ্তেইন এডৱাৰ্ড স্মিথৰ চৰিত্ৰটো অতি সুন্দৰভাৱে চিত্ৰিত কৰিছিল। যিটো আজিও বিশ্বৰ কোটি কোটি লোকে মনত ৰাখিছে। কেৱল সেয়াই নহয়, লৰ্ড অৱ দ্য ৰিংছত কিং থিয়ডেনৰ চৰিত্ৰত অভিনয় কৰি বাৰ্নাৰ্ড হিলে দৰ্শকৰ মনত এক বিশেষ স্থান দখল কৰিছে। ইয়াৰ উপৰিও এই অভিনেতাগৰাকীয়ে ‘গান্ধী’, ‘চাৰিলী ভেলেণ্টাইন’ আৰু ‘দ্য স্কোৰ্পিয়ন কিং’ ছবিত অভিনয় কৰি প্ৰভুত জনপ্ৰিয়তা অৰ্জন কৰিছিল।

টাইটানিকত বাৰ্নাৰ্ড হিল।

বাৰ্নাৰ্ড ব্ৰিটেইনৰ মানচেষ্টাৰৰ বাসিন্দা। বিবিচিৰ শেহতীয়া প্ৰযোজনা ‘দ্য ৰেচপণ্ডাৰ’ নামৰ নাটকখন লৈ তেওঁ টিভিৰ পৰ্দালৈ উভতি আহিবলৈ অপেক্ষা কৰি আছিল। আনকি কাকতলীয়াভাৱেও দেওবাৰৰ পৰা আৰম্ভ হৈছে নাটকখনৰ সম্প্ৰচাৰ। বিখ্যাত অভিনেতা মাৰ্টিন ফ্ৰীমেনেও ইয়াত বাৰ্নাৰ্ডৰ সৈতে অভিনয় কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd