সতৰ্কতা জাৰি; অসমত দেওবাৰলৈ থাকিব ‘টিটলি’ ঘূৰ্ণী বতাহৰ প্ৰভাৱ

titli-750x375

শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ সময়তে বংগোপাসাগৰত সৃষ্ট নিম্নচাপ আৰু ওড়িশাৰ পৰা অহা ‘টিটলি’ নামৰ ঘূৰ্ণী বতাহে অসম, মেঘালয়ৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্য কেইখনত আগন্তুক কিছুদিনৰ বাবে বতৰ ডাৱৰীয়া তথা ঠায়ে ঠায়ে বৰষুণ আৰু বতাহ-ধুমুহা অহাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

বৃহস্পতিবাৰে মেঘালয় চৰকাৰে ৰাজ্যখনৰ ১১ জিলাৰ প্ৰশাসনক ধুমুহাৰ ফলত সষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিৰে মুখামুখি হ’ব পৰাকে সস্তম হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

আনহাতে কালি বিয়লিৰ পৰা অসমৰ ৰাজধানী চহৰ গুৱাহাটীকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চল, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, নলবাৰীৰ লগতে নামনি অসমৰ প্ৰায়বোৰ অঞ্চলতে পাতলীয়া তথা মজলীয়া পৰিমাণৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বংগোপাসাগৰত সৃষ্ট নিম্নচাপৰ উপৰি টিটলি ধুমুহাৰ প্ৰভাৱত বাংলাদেশৰ ওপৰেৰে পশ্চিম অসমৰ আকাশত বৃহস্পতিবাৰে বিয়লি ভাগত প্ৰৱেশ কৰা জলীয় বাষ্পই মেঘলৈ ৰূপান্তৰিত হৈ বৰষুণ হৈছে বুলি বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে।

আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি আজি আৰু কাইলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া আৰু কিছু কিছু অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইফালে ১৪ অক্টোবৰৰ পৰা বতৰ ফৰকাল হ’ব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে।