মাধ্যমৰ ক্ষেত্ৰত লোৱা অবিবেচকী-হঠকাৰী সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ

শেহতীয়াভাৱে অসমৰ বিজেপিৰ চৰকাৰখনে শিক্ষাৰ মাধ্যম সম্পর্কে লোৱা সিদ্ধান্তই ৰাজ্যৰ মাতৃভাষাৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি দাবূী কৰে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই। উল্লেখযোগ্য যে, অসম চৰকাৰে যোৱা ২৮ জুলাইত চৰকাৰী মাতৃভাষাৰ বিদ্যালয়ত তৃণীৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞান বিষয় দুটা অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাত প্ৰচলন কৰিবলৈ সিদ্ধান্ত লৈছিল।

অসম তৃণমূল কংগ্ৰেছ দলে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনেকুৱা জাতি আৰু মাতৃভাষা বিৰোধী হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰাৰ লগতে ধিক্কাৰ দিয়ে। দিলীপ শৰ্মাই লগতে কয় “অসমৰ বিজেপি চৰকাৰখনে এফালে জাতি প্ৰেমৰ কথা বাৰে বাৰে দোহাৰে আনফালে জাতি, ভাষা বিৰোধী সিদ্ধান্তবোৰ লৈ আহিছে। এই কাম কৰিছে একমাত্ৰ নাগপুৰ আৰু দিল্লীৰ নির্দেশত। আঞ্চলিক ভাষাসমূহক মষিমূৰ কৰিবলৈ বিজেপি-আৰএছএছৰ এয়া এক কৌশল”।

“সম্প্ৰসাৰণবাদী মানসিকতাৰ বিজেপি আৰু আৰ এছ এছৰ ওচৰত আঞ্চলিক তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মাতৃভাষা যে সুৰক্ষিত নহয় শেহতীয়াকৈ চৰকাৰে লোৱা সিদ্ধান্তবোৰে প্ৰমাণ কৰি দিছে”। সংবাদমেলত শৰ্মাই এইদৰে কয়। ইয়াৰোপৰি, ৰাজ্য চৰকাৰে ২০২০ চনৰ ২৪ নৱেম্বৰত অসম লোকসেৱা আয়োগৰ পূৰ্বৰে পৰা থকা অসমীয়া ভাষাৰ বাধ্যতামূলক প্রশ্ন কাকতখন প্রত্যাহাৰ কৰাৰ পিছত যোৱা ২৮ জুলাই পুনৰ কেবিনেটে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত অসমীয়াৰ পৰিৱৰ্তে ইংৰাজী ভাষাত শিকাবলৈ সিদ্ধান্ত লয়।

এই সন্দৰ্ভত শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “অথচ যি সময়ত দেশৰ শিক্ষাবিদ সমাজতত্ত্ববিদ-বিজ্ঞানী সমন্বিতে বিজ্ঞমহলকে ধৰি আনকি ৰাষ্ট্ৰ সংঘৰ সংস্থা ইউনেস্কোৱে প্ৰাথমিক আৰু মাধ্যমিক স্তৰত মাতৃভাষাৰ মাধ্যমতে শিক্ষা হ’ব লাগে বুলি মতপোষণ কৰি আহিছে। তেনে ক্ষেত্ৰত বিজেপি চৰকাৰখনৰ এনে হঠকাৰী সিদ্ধান্তই সমগ্র জাতিটোৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিছে”। “মেডিকেল-ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম মাতৃভাষাত পঢ়ুৱাম বুলি ওফাইদাং মৰা ৰাজ্যৰ বিজেপি চৰকাৰে গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ লোৱা আৰু ভবিষ্যতে শিক্ষক নিযুক্তিত ইংৰাজীত দক্ষতা বাধ্যতামূলক কৰা সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ পৰিপন্থী। য’ত ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি পঞ্চম শ্ৰেণীৰ পৰা মাতৃভাষাত শিক্ষা দিবলৈ নিৰ্দেশনা দিয়া হৈছে।

অথচ এইখন চৰকাৰে মাজে মাজে চমক সৃষ্টি কৰিবলৈ আনকি শিক্ষকৰ চাকৰি পাবলৈ মাতৃভাষাৰ জ্ঞান অপৰিহাৰ্য বুলি কোৱাটোও সর্বজনবিদিত”। শৰ্মাই লগতে কয়। যি সময়ত ৰাজ্য চৰকাৰে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিব পৰা নাই, চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নত কৰিব পৰা নাই, বিদ্যালসসমূহত অৰ্হতাসম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ, যি সময়ত দেশৰ ভিতৰতে আধাতে শিক্ষা সামৰি ওলাই অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অসমত সর্বাধিক তেনে সময়ত অসম চৰকাৰৰ এনে অবিবেচক সিদ্ধান্ত বোৰে মাতৃভাষাৰ বিদ্যালয়ৰ ক্ষতি কৰাৰ সমান্তৰালভাৱে ইংৰাজী মাধ্যমক উৎসাহিত কৰিব বুলি অভিযোগ তোলে শৰ্মাই। যাৰ ফলত চৰকাৰে বিচৰাধৰণেই মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ ক্ৰমান্বয়ে বন্ধ হৈ পৰিব বুলি শৰ্মাই সন্দেহ প্ৰকাশ কৰে।

অসম তৃণমূল কংগ্ৰেছ দলে অসমৰ বিজেপিৰ চৰকাৰখনৰ এনেকুৱা হঠকাৰী, অবিবেচক আৰু জাতি-মাতৃভাষা বিৰোধী সিদ্ধান্তক শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। লগতে ৰাজ্যৰ চৰকাৰী মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁঠনি নির্মাণ, বিদ্যালয় প্ৰাদেশীকিকৰণ, শিক্ষক নিযুক্তি, শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ আদি বিষয়বোৰক অগ্ৰাধিকাৰ দি অসমৰ শিক্ষা খণ্ডক এক সন্মানজনক স্থিতিত উপনীত কৰিবলৈ দাবী উত্থাপন কৰে।