বিৰোধী ধূলিসাৎ; উপ নিৰ্বাচনৰ তিনিও আসনতে জয় তৃণমূল কংগ্ৰেছৰ

বঙ্গত পুনৰ বিজয়ৰ নিচান উৰুৱালে তৃণমূল কংগ্ৰেছে। উপ নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিওখন আসনতে তৃণমূল কংগ্ৰেছে ধূলিসাৎ কৰিলে বিৰোধী দলক।

ভৱানীপুৰ সমষ্টিৰ পৰা মমতা বেনাৰ্জীয়ে আশা কৰাৰ দৰেই অভিলেখ ভোটত জয়ী হোৱাৰ পিছত চামছেৰগঞ্জ আৰু জঙ্গীপুৰতো জয়ী হৈছে তৃণমূল কংগ্ৰেছ। জঙ্গীপুৰৰ তৃণমূল প্ৰাৰ্থী জাকিৰ হোছেইনে অভিলেখ ভোটত জয়লাভ কৰে।

উল্লেখ্য ২৬ এপ্ৰিলত সপ্তম পৰ্যায়ত চামছেৰগঞ্জ আৰু জঙ্গীপুৰ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল।
কিন্তু তাৰ আগে আগে কৰ’ণা মহামাৰীৰ ফলত দুজন প্ৰাৰ্থী ক্ৰমে চামছেৰগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেজাউল হক আৰু জঙ্গীপুৰৰ আৰ এছ পি প্ৰাৰ্থী প্ৰদীপ নন্দীৰ মৃত্যু হয়। সেয়ে সমষ্টি দুটাৰ নিৰ্বাচন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছিল।

অৱশেষত ৩০ ছেপ্টেম্বৰত দুয়োখন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। জাকিৰ হোছেইনে জঙ্গীপুৰ সমষ্টিত তৃণমূলৰ হৈ যুঁজ দিছিল। বিজেপিৰ প্ৰাৰ্থী আছিল সুজিত দাস। জানে আলম মীনাই আৰএছপিৰ হৈ যুঁজ দিয়ে।

দেওবাৰে ভোট গণনাৰ আৰম্ভণিৰ পৰাই তৃণমূল প্ৰাৰ্থী জাকিৰ হোছেইন জঙ্গীপুৰ আসনত আগবাঢ়ি আছিল। ২৬ ৰাউণ্ড গণনা কৰাৰ পিছত জাকিৰ হোছেইন ৯২,৬১৩ টা ভোটত জয়ী হয়।

আনহাতে চামছেৰগঞ্জত তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী আছিল আমিৰুল ইছলাম। বিজেপিৰ মিলন ঘোষ, চিপিএম মোদাছাৰ হোছেইন আৰু কংগ্ৰেছৰ জাইদুৰ ৰহমানে সমষ্টিটোত প্ৰতিদ্বন্দীতা আগবঢ়াইছিল।
ইতিমধ্যে ভোট গণনাৰ শেষত তৃণমূল কংগ্ৰেছৰ আমিৰুল ইছলাম ২৬,৬১১ টা ভোটত জয়ী হৈছে। কংগ্ৰেছ প্ৰাৰ্থী জাইদুৰ ৰহমান দ্বিতীয় স্থানত আছে। তেওঁ ৭০,০০০ তকৈও অধিক ভোট লাভ কৰিছিল। আনহাতে বিজেপি দলৰ মনোনীত প্ৰাৰ্থীজন এই আসনখনত বহুত পিছ পৰি থাকে।

উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনতো তৃণমূলে চামছেৰগঞ্জ আৰু জঙ্গীপুৰত জয়লাভ কৰিছিল।