গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক

গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মৰ্বি ভ্ৰমণক লৈ ভুৱা বাতৰিৰ সমৰ্থনত টুইট কৰি গ্ৰেপ্তাৰ হোৱা তৃণমূল কংগ্ৰেছ নেতা চাকেত গোখলেক ৮ ডিচেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

শেহতীয়াকৈ গুজৰাটীৰ এখন আগশাৰীৰ কাকতত প্ৰকাশ পোৱা বুলি দাবী কৰা এটা নিউজ ক্লিপিং টুইট কৰিছিল গোখলেই। নিউজ ক্লিপটোত আৰ টি আই- ৰ অধীনত কৰা এক প্ৰশ্নত গুজৰাট চৰকাৰে প্ৰধানমন্ত্ৰী মোডীৰ মৰ্বি ভ্ৰমণৰ বাবে ৩০ কোটি টকা ব্যয় কৰা বুলি দাবী কৰা হৈছিল।

কিন্তু ১ ডিচেম্বৰত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোয়ে এই দাবী ভুৱা বুলি অভিযোগ কৰে। প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোয়ে টুইটযোগে কয় যে, “এক আৰটিআইৰ উদ্ধৃতি দি, এটা টুইটত প্ৰধানমন্ত্ৰীৰ মৰবি ভ্ৰমণৰ বাবে ৩০ কোটি টকা খৰচ হৈছিল বুলি দাবী কৰা হৈছে। এই দাবী ভুৱা। এনে কোনো আৰটিআইৰ সঁহাৰি দিয়া হোৱা নাই।“

ইফালে আৰক্ষীয়ে ইয়াৰ নিশ্চিতিৰ বাবে গুজৰাটৰ বাতৰি কাকত পৰিচালনা সমিতিৰ সৈতে যোগাযোগ কৰে। সমিতিয়ে আৰক্ষীক এনে ধৰণৰ বাতৰি কেতিয়াও প্ৰকাশ হোৱা নাছিল বুলি জানিবলৈ দিয়ে।

আনহাতে এগৰাকী প্ৰশাসনিক বিষয়াই এনে ভুৱা বাতৰি কাকতৰ কাটিঙৰ আঁৰত কোন জড়িত আছে সেইয়া উদ্ধাৰৰ বাবে তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছে।

লগতে এই ভুৱা পেপাৰ কাটিঙৰ সৈতে চাকেট গোখলেৰ কিবা সম্পৰ্ক আছে নেকি সেই বিষয়ে অনুসন্ধান চলোৱা হ’ব বুলি বিষয়াগৰাকীয়ে লগতে কয়।